কামৰূপৰ দদৰাত মূখ্যমন্ত্ৰীৰ উদ্যমিতা আচঁনিৰ চেক বিতৰণ কাৰ্যসূচী
কামৰূপ, ১৩ মাৰ্চ (হি.স.)। কামৰূপৰ দদৰাত মূখ্যমন্ত্ৰীৰ উদ্যমিতা আচঁনিৰ চেক বিতৰণ কাৰ্যসূচী। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি (MMUA) ৰ অধীনত আত্মসহায়ক গোটৰ (SHG) সদস্য সকলক ১০ হাজাৰ টকাকৈ অনুদানৰ চেক বিতৰণ কাৰ্যসূচী আজি কামৰূপৰ দদৰাৰ ভৃগ
কামৰূপৰ দদৰাত মূখ্যমন্ত্ৰীৰ উদ্যমিতা আচঁনিৰ চেক বিতৰণ কাৰ্যসূচী


কামৰূপ, ১৩ মাৰ্চ (হি.স.)। কামৰূপৰ দদৰাত মূখ্যমন্ত্ৰীৰ উদ্যমিতা আচঁনিৰ চেক বিতৰণ কাৰ্যসূচী। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি (MMUA) ৰ অধীনত আত্মসহায়ক গোটৰ (SHG) সদস্য সকলক ১০ হাজাৰ টকাকৈ অনুদানৰ চেক বিতৰণ কাৰ্যসূচী আজি কামৰূপৰ দদৰাৰ ভৃগু কুমাৰ ফুকন ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

অনুষ্ঠানত উপস্থিত থাকি বিজেপি নেতা প্ৰকাশ চন্দ্ৰ দাসে মূখ্যমন্ত্ৰীৰ হৈ হাজো - শুৱালকুছি সমষ্টিৰ বিভিন্ন কাৰণত ৰৈ যোৱা ২৫০ গৰাকী হিতাধিকাৰীৰ মাজত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ উদ্যমীতা আচঁনিৰ চেক বিতৰণ কৰে।

মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নাৰী শক্তিৰ সবলীকৰণৰ বাবে এই ধনৰাশি প্ৰদান কৰিছে বুলি মন্তব্য কৰে বিজেপি নেতা প্ৰকাশ দাসে। অনুষ্ঠানত বিজেপি নেতা বলেন ৰাজবংশী , মানিক দাস দিবাকৰ কলিতা , আদি উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande