
বিশ্বনাথ, ১৩ মাৰ্চ (হি.স.)। ২০০১ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিশ্বনাথৰ দুই আদিবাসী যুৱক পুষ্প গোৱালা আৰু ৰাজু মুণ্ডাক গুলিয়াই হত্যা কৰা বুলি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে চতিয়াৰ মানৱ হাজৰিকা নামৰ যুৱক গৰাকীয়ে অনা অভিযোগক আজি এক সংৱাদ মেলযোগে খণ্ডন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷
সামাজিক মাধ্য়মৰ জৰিয়তে মানৱ হাজৰিকাই তোলা এই অভিযোগক খণ্ডন কৰি বিধায়ক গৰাকীয়ে কয়- মানৱ হাজৰিকাই এক পৰিকল্পিত আৰু ৰাজনৈতিক উদ্দেশ্যৰে এই অভিযোগ উত্থাপন কৰিছে ৷ কাৰ শ্ৰুতলিপিত এই অভিযোগ আনিছে তাৰ এক উচিত তদন্ত হব লাগে বুলি মন্তব্য কৰি বিধায়ক পদ্মই কয়-এই সন্ধৰ্ভত মই চিবিআই তদন্ত বিচাৰি আজি অসমৰ মূখ্যমন্ত্ৰীলৈ লিখিত আৱেদন জনাইছো ৷
চিবিআই তদন্ত হ'লে এই হত্যাকাণ্ডৰ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ লগতে প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছে মোৰ বিৰুদ্ধে কৰি অহা কুৎসা ফাদিল হব ৷ এইগৰাকী মানৱ হাজৰিকাই মোৰ বিৰুদ্ধে ২০১৬ আৰু ২০২১চনৰ নিৰ্বাচনতো কংগ্ৰেছ দলৰ হৈ অপপ্ৰচাৰত নামি পৰিছিল যদিও সেইয়া সকলো বিফল হয় ৷ সমষ্টিটোত মোৰ জনপ্ৰিয়তা হ্ৰাস কৰিবলৈ বিচৰা এই মানৱ হাজৰিকা সম্প্ৰতি আৰক্ষীৰ ভয়ত পলায় ফুৰা বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা