
লখিমপুৰ, ১৩ মাৰ্চ (হি.স.)। বিহপুৰীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত বঙালমৰা গাওঁ পঞ্চায়তত অৰুণোদয় বঞ্চিত মহিলাৰ প্ৰতিবাদ ৷ গাওঁ পঞ্চায়তৰ সচিবক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে মহিলা সকলে ৷ উল্লেখ যোগ্য যে পূৰ্বে অৰুণোদয় আচঁনিৰ ধন লাভ কৰা একাংশ মহিলাক শেহতীয়াকৈ এই আচঁনি খনৰ পৰা বঞ্চিত কৰাৰ ফলতে প্ৰতিবাদমুখৰ হৈ পৰে মহিলা সকল ৷
একাংশ বৃদ্ধা বিধৱা মহিলাক আচঁনি খনৰ পৰা বঞ্চিত কৰাত উচুপি উঠে ৷ আনকি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ পৰা প্ৰতিশ্ৰুতি লাভ কৰাৰ পাছতো স্থানীয় বিধায়ক অমিয় ভূঞা আৰু কাৰ্যালয়ে কাৰ্যালয়ে ঘুৰি ঘুৰিও অৰুণোদয় লাভৰ পৰা বঞ্চিত কেইবাগৰাকীও মহিলা ৷
ইফালে বিজেপিৰ কৰ্মী হোৱাৰ পাছতো অৰুণোদয় আচনিৰ পৰা নাম কৰ্তন হোৱা মহিলা সকলো জাঙুৰ খাই উঠিছে চৰকাৰৰ বিৰুদ্ধে ৷ সকলোৱে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা