
কামৰূপ, ১৩ মাৰ্চ (হি.স.)। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনি সংবাদমেল সম্বোধন যুৱ কংগ্ৰেছৰ । বিধায়ক গৰাকীয়ে বিগত পাছ বছৰত কোনো ধৰনৰ উন্নয়ণ মুলক কাম নকৰাৰ অভিযোগ যুৱ কংগ্ৰেছৰ ।
শিক্ষা ,স্বাস্থ্য খণ্ডৰ কোনো উন্নতি নকৰা বুলিও অভিযোগ আনিছে যুৱ কংগ্ৰেছে । কমলপুৰ সমষ্টিত ভয়াবহ ভাবে বৃদ্ধি পায় অহা ড্ৰাগছৰ বিৰুদ্ধে কোনো ধৰনৰ পদক্ষেপ নোলোৱা বুলিও উল্লেখ কৰে যুৱ কংগ্ৰেছৰ কৰ্মী সকলে । বিপৰীতে বিদ্যালয় ,মহাবিদ্যালয়ৰ ওচৰত সুৰাৰ বিপনী খোলাৰ অনুমতি প্ৰদান কৰাত সংবাদ মেল যোগে আক্ষেপ প্ৰকাশ যুৱ কংগ্ৰেছী সকলৰ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা