
শ্ৰীভূমি, ১৩ মাৰ্চ (হি.স.)। মেৰামতিৰ পিছত আজি উদ্বোধন কৰা হয় শ্ৰীভূমি চহৰৰ ঐতিহ্যমণ্ডিত প্ৰেক্ষাগৃহ ৰমনি মোহন ইনষ্টিটিউট । কিন্তু দুখৰ বিষয় হ'ল, যিখন প্ৰেক্ষাগৃহত এটা সময়ত আছিল পূৰ্বৰ কৰিমগঞ্জ চহৰৰ একমাত্ৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় প্ৰান্তিক কিন্ডাৰ গাৰ্ডেন স্কুল । আৰু এই বিদ্যালয়খনত শৈশৱৰ সময়ত পঢ়া-শুনা কৰিছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে, আজি সেই প্ৰেক্ষাগৃহ পুনৰ সজাই পৰাই উদ্বোধন কৰা হৈছে যদিও এই প্ৰেক্ষাগৃহত দেখা নগ'ল জুবিন গাৰ্গৰ কোনো ছবি। ১৯৫১ চনত নিৰ্মিত এই প্ৰেক্ষাগৃহ এটা সময়ত জহি খহি যাবলৈ ধৰিছিল।
অৱশেষত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ২৫ লাখ টকাৰ বিশেষ আৰ্থিক অনুদান আগবঢ়াইছিল এই প্ৰেক্ষাগৃহ পুনৰ প্ৰাণ চঞ্চল কৰি তোলাৰ বাবে । সেই অনুসৰি এই প্ৰেক্ষাগৃহ পুনৰ নিৰ্মাণৰ কাম চলিল । আৰু কাম সম্পন্ন হোৱাৰ পিছত আজি সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ'ই এই প্ৰেক্ষাগৃহ উদ্বোধন কৰে । আনকি কমলাক্ষ দে পুৰকায়স্থ'ৰ মুখত আখৈ ফুটাদি ফুটিছে জুবিন গাৰ্গৰ সৈতে থকা এই প্ৰেক্ষাগৃহৰ সম্পৰ্ক । অথচ এই প্ৰেক্ষাগৃহত আজিৰ তাৰিখত অৱহেলিত লাখ লাখ অসমবাসীৰ হীয়াৰ আমুঠু জুবিন গাৰ্গ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু