
নগাঁও, ১৩ মাৰ্চ (হি.স.)। কামপুৰত অসম মালা ৩.০ ৰ জড়িয়তে ৰহা কামপুৰ সংযোগী পথৰ আধাৰশীলা।
দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম মালা ৩.০ ৰ জড়িয়তে ৰাজ্যত হ'ব লগা পকী পথৰ ভূমি পূজন আৰু শিলান্যাস কৰাৰ পাছতে ৰহা আৰু বঢ়মপুৰ সমষ্টি সংযোগী ৰহা বাহাকাবাৰী পৰা কামপুৰ হৈ বগৰীতললৈ প্ৰায় ১৫ কি:মি: পথৰ আধাৰশীলা স্থাপন কৰে ৰহা আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু জিতু গোস্বামীয়ে ৷ ৩৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান হ'ব লগা পকী পথটো নিৰ্মান হ'লে ৰাইজৰ যাতায়তৰ বাবে সূচল হ'ব বুলি মন্তব্য কৰে বিধায়ক শশীকান্ত দাসে ৷ ভিডিঅ কন্ফাৰেঞ্চ যোগে ৰাজ্যৰ বহু কেইটা প্ৰকল্প আনুষ্ঠানিক ভাৱে শিলান্যাস কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু