
যোৰহাট, ১৩ মাৰ্চ (হি.স.)। টীয়কৰ বাদুলি পুখুৰীত আজি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় ২ মহিলা । যোৰহাটৰ দিশে স্কুটিৰে আহি থকা অৱস্থাত একে দিশে আহি থকা এখন ট্ৰাকে পাছ পিনৰ পৰা খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
দূৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখন। মহিলা দুগৰাকী বাদুলী পুখুৰী উমাবাৰী অঞ্চলৰ বুলি জানিব পৰা গৈছে। মহিলা দুগৰাকী উমাবাৰী বাগানৰ কুসুম গুৱালা আৰু ভগ্নী জোনমণি গুৱালা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু