
নগাঁও, ১৩মাৰ্চ (হি.স.)। অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ শুনানি । অহা ৬ এপ্ৰিল(২০২৬)ত ৰায়দানৰ সম্ভাৱনা। ৮ বছৰে নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছিল এই জঘন্য হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। ২০১৮ চনৰ ৮ জুনত সংঘটিত হৈছিল দেশ কঁপোৱা এই ঘটনা।
নগাঁও সত্ৰ ন্যায়ধীশৰ আদালতত আঠ বছৰে চলি আছে এই গোচৰ। ৰায়দানৰ তাৰিখ ঘোষণাৰ লগে লগেই ন্যায় লাভৰ আশা অভি-নীলৰ পৰিয়ালৰ।
২০১৮ চনৰ আঠ জুনত কাবি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত দিন-দুপৰতে চলিছিল সেই নৰমেধ যজ্ঞ। এদল উন্মুত্ত লোকে শোপাধৰা সন্দেহত গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসক মৰিয়াই মৰিয়াই হত্যা কৰিছিল।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু