প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমনক কেন্দ্ৰ কৰি কোকৰাঝাৰত প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পন্ন
কোকৰাঝাৰ, ১২ মাৰ্চ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমনক কেন্দ্ৰ কৰি কোকৰাঝাৰত প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পন্ন ৷ শুকুৰবাৰে অৰ্থাৎ ১৩ মাৰ্চত কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ কোকৰাঝাৰৰ গ্ৰীণফিল্ডত প্ৰধানমন্ত্ৰীক আদ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমনক কেন্দ্ৰ কৰি কোকৰাঝাৰত প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পন্ন


কোকৰাঝাৰ, ১২ মাৰ্চ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমনক কেন্দ্ৰ কৰি কোকৰাঝাৰত প্ৰশাসনৰ প্ৰস্তুতি প্ৰায় সম্পন্ন ৷ শুকুৰবাৰে অৰ্থাৎ ১৩ মাৰ্চত কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ কোকৰাঝাৰৰ গ্ৰীণফিল্ডত প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু বিটিচি তথা জিলা প্ৰশাসন ৷ নিৰ্মাণ কৰা হৈছে চাৰিখনকৈ হেলিপেড ৷

সমান্তৰালভাৱে হেলিপেডত হেলিকপ্তাৰৰ উৰণ আৰু অৱতৰণৰ ট্ৰায়েল চলোৱা হৈছে ৷ কোকৰাঝাৰ চহৰ আৰু সমগ্ৰ গ্ৰীণ ফিল্ড অঞ্চলত কটকটীয়া নিৰাপত্তামুলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ নিয়োগ কৰা হৈছে অসম আৰক্ষীৰ লগতে আন আন নিৰাপত্তা বাহিনীৰ জোৱান ৷ গ্ৰীণ ফিল্ডত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব বিশাল জনসভা ৷ জনসভাত প্ৰায় দুই লাখ লোক সমবেত হোৱাৰ সম্ভৱনা ৷

গ্ৰীণ ফিল্ডৰ পৰাই প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল পদ্বতিৰে বিটিচি এলেকাৰ বাবে ১১০১ কোটি টকা ব্যয় সাপেক্ষে চাৰিটাকৈ পথ উৰণীয়া সেতু, দুখন দলং আৰু ছয়টা পথ প্ৰকল্পৰ ভূমি পূজন কৰিব ৷ কোকৰাঝাৰ জিলাৰ বাশবাৰীত ২৫৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগীয়া ৰেল ৱাগন ৱাৰ্কশ্বপৰও ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷

আনহাতে অসম মালা ৩.০ ৰ অধীনত ৰাজ্য খনৰ ৩৪ খন জিলাত ৩,২১৭ কোটি ব্যয় সাপেক্ষে ৮৮৪ কিলোমিটাৰ পথ বহলী কৰণৰ উপৰিও ৩৬ খন দলং নিৰ্মাণৰ ভূমি পূজনো কৰিব ৷ ইয়াৰোপৰি কামাখ্যা-ছৰলাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, নাৰেংগী -আগৰতলা এক্সপ্ৰেছ আৰু গুৱাহাটী -নিউ জলপাইগুৰি এক্সপ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে ফ্লেগ অফ কৰিব ৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত চহৰখনৰ সকলোবোৰ বাট-পথ চাফ-চিকুণাই, চূণ সানি সজাই-পৰাই তোলা হৈছে ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande