ভাৰতত আৱিষ্কাৰ হৈছে দুটা নতুন প্ৰজাতিৰ পখিলা
কলকাতা, ১২ মাৰ্চ (হি.স.)। ভাৰতীয় প্ৰাণী সমীক্ষা (জুলজিকেল চাৰ্ভে অফ ইণ্ডিয়া)য়ে লেপিড''প্টেৰ শ্ৰেণীৰ লাইকেন পুপৰা আৰু দুই নতুন প্ৰজাতি আৱিষ্কাৰ কৰি কীট বিজ্ঞানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে । ইয়াৰ সৈতে ভাৰতীয় হিমালয় অঞ্চলৰ পৰা সাত অন
New species


কলকাতা, ১২ মাৰ্চ (হি.স.)। ভাৰতীয় প্ৰাণী সমীক্ষা (জুলজিকেল চাৰ্ভে অফ ইণ্ডিয়া)য়ে লেপিড'প্টেৰ শ্ৰেণীৰ লাইকেন পুপৰা আৰু দুই নতুন প্ৰজাতি আৱিষ্কাৰ কৰি কীট বিজ্ঞানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে । ইয়াৰ সৈতে ভাৰতীয় হিমালয় অঞ্চলৰ পৰা সাত অন্য প্ৰজাতিও প্ৰথমবাৰৰ বাবে নথিভুক্ত কৰা হৈছে ।

বৃহস্পতিবাৰে পুৱা প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে এই গৱেষণা ২ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীবিভাজন আলোচনীত প্ৰকাশ পাইছিল । এই অধ্যয়নত ভাৰতীয় বিজ্ঞানীৰ এটা দলে এই নতুন প্ৰজাতিসমূহৰ বৈজ্ঞানিক বৰ্ণনা দাঙি ধৰিছে ।

ভাৰতৰ প্ৰাণীবিজ্ঞান জৰীপৰ সঞ্চালক ড০ ধৃতি বেনাৰ্জীয়ে এই সাফল্যক উল্লেখযোগ্য বুলি অভিহিত কৰি কয় যে এই আৱিষ্কাৰ ভাৰতত মথৰ জৈৱ বৈচিত্ৰ্যৰ নথিভুক্তকৰণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান । তেওঁ লগতে কয় যে হিমালয় অঞ্চলৰ পৰিৱেশ তন্ত্ৰৰ কাৰ্য্যকলাপ বুজিবলৈ আৰু বায়ু প্ৰদূষণ সূচক জীৱ চিনাক্তকৰণৰ বাবে লেপিডপ্টেৰাৰ দৰে অধ্যয়ণ কৰা গোটৰ ওপৰত গৱেষণা অতি প্ৰয়োজনীয় । এই সফলতাই জৈৱ বৈচিত্ৰ্য সমৃদ্ধ অঞ্চলত শ্ৰেণীবিভাজনৰ গৱেষণা অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাকো আলোকপাত কৰে ।

গৱেষক দলটোত কলকাতাৰ জুলজিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ বিজ্ঞানী ড০ নৱনীত সিং, জবলপুৰৰ কেন্দ্ৰীয় আঞ্চলিক কেন্দ্ৰৰ বিজ্ঞানী ড০ সন্তোষ সিং আৰু কলকাতাৰ গৱেষক সৃষ্টি ভট্টাচাৰ্য্য । ছিকিমৰ গোলিটাৰ আৰু পশ্চিম বংগৰ পানীঝোৰা অঞ্চলৰ পৰা সংগ্ৰহ কৰা নমুনাৰ ভিত্তিত এই প্ৰজাতিসমূহ চিনাক্ত কৰা হৈছিল ।

বিজ্ঞানীসকলৰ মতে এই প্ৰজাতিবোৰৰ শৰীৰৰ গঠন, পাখিৰ ৰং আৰু আৰ্হি, অণুবীক্ষণিক শৰীৰৰ গঠন, আৰু ইহঁতৰ প্ৰজনন অংগসমূহৰ বিশেষ গঠনৰ ওপৰত ভিত্তি কৰি চিনাক্ত কৰা হৈছিল । বিজ্ঞানীসকলে বুজাই দিলে যে পৰিৱেশ তন্ত্ৰত লাইকেন মথৰ বিশেষ গুৰুত্ব আছে । ইহঁতৰ পোৱালিবোৰ লাইকেনৰ ওপৰত নিৰ্ভৰশীল, যিবোৰ বায়ু প্ৰদূষণৰ প্ৰতি অত্যন্ত সংবেদনশীল । সেয়েহে এই প্ৰজাতিবোৰক পৰিৱেশ আৰু বায়ুৰ গুণাগুণৰ প্ৰাকৃতিক সূচক হিচাপেও গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande