
ধুবুৰী, ১২ মাৰ্চ (হি.স.)। বিলাসীপাৰাত আৰক্ষীক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি ৰঙা ঘৰৰ আলহী হ'ল এগৰাকী যুৱক। যুৱক জন হাওদাৰটাৰী গাওঁৰ বাবুল চন্দ্ৰ নাথ বুলি জানিব পৰা গৈছে। বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিংৰ ঘটনা। হাওদাৰটাৰী গাওঁত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।চোৰৰ সন্দেহত এগৰাকী যুৱকক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত কৰে গাওঁ খনৰ একাংশ উদণ্ড যুৱকৰ দলে।
ঘটনাস্থলীত বিলাসীপাৰা ৰাইডাৰ্ছ আৰক্ষীৰ দল উপস্থিত হয় যদিও আৰক্ষীকো গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে উদণ্ড যুৱকে। আৰক্ষীক প্ৰহাৰ কৰা গাওঁ খনৰ বাবুল চন্দ্ৰ নাথক গ্ৰেপ্তাৰ কৰিছে বিলাসীপাৰা আৰক্ষীয়ে। গাওঁ খনৰ আৰু কেইবাজনো উদণ্ড যুৱকক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ঘটনাৰ সৈতে জড়িত উদণ্ড যুৱকৰ দলটোক অতি শীঘ্ৰে কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে দ'ল সংগঠন আৰু সচেতন মহলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ