নাগ্ৰীজুলিত আন্তৰ্জাতিক মহিলা কৃষক বৰ্ষ- ২০২৬ পালন
তামুলপুৰ, ১২ মাৰ্চ (হি.স.)। আজি তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত নাবাৰ্ড আৰু বেচৰকাৰী সংস্থা গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত আন্তৰ্জাতিক মহিলা কৃষক বৰ্ষ- ২০২৬ লগত সংগতি ৰাখি আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় ৷ তদুপলক্ষে নাগ্ৰীজুলি CMTC কেন্দ্ৰত এখন সজ
নাগ্ৰীজুলিত আন্তৰ্জাতিক মহিলা কৃষক বৰ্ষ- ২০২৬ পালন


তামুলপুৰ, ১২ মাৰ্চ (হি.স.)। আজি তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত নাবাৰ্ড আৰু বেচৰকাৰী সংস্থা গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত আন্তৰ্জাতিক মহিলা কৃষক বৰ্ষ- ২০২৬ লগত সংগতি ৰাখি আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় ৷ তদুপলক্ষে নাগ্ৰীজুলি CMTC কেন্দ্ৰত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷

গ্ৰাম্য বিকাশ মঞ্চৰ সমন্বয়ক চক্ৰ তালুকদাৰে আঁত ধৰা সজাগতা সভাত উপস্থিত থাকে ক্ৰমে জিলা কৃষি উন্নয়ন বিষয়া নিৰোদ চন্দ্ৰ নাথ নাবাৰ্ডৰ নলবাৰীস্থিত বিষয়া উৎপল বেজবৰুৱা, বিটিচিৰ মীন বিভাগৰ ই এম লক্ষ্মী দাস গ্ৰাম্য বিকাশ মঞ্চৰ উপ সভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তী প্ৰমুখ্যে আন আন বিষয়বৱীযা সকল ৷ সজাগতা সভাত নাৰী সবলীকৰন নাৰীৰ দায়িত্ববোধ আৰু কৰ্মসংস্কৃতিৰ ওপৰত বক্তব্য ৰাখে ৷ বেংকৰ সুবিধা গ্ৰাম্য সংস্থাপন আৰু নিয়োগৰ সুবিধা প্ৰাকৃতিক কৃষি উদ্যান শস্য আদিৰ কৰ্মসংস্থাপনৰ কি দৰে দিহা কৰিব পাৰি তাৰ সুন্দৰ আভাস দিয়ে ৷

সজাগতা সভাতে নাগ্ৰীজুলি অঞ্চলৰ ছয় গৰাকী উদ্যমী মহিলক নাবাৰ্ড আৰুোগ্ৰাম্য বিকাশ মঞ্চৰ তৰফৰ পৰা সম্বৰ্দ্ধন জ্ঞাপন কৰাৰ লগতে স্মাৰক মানপত্ৰ আৰু গামোচাৰে আদৰণি জনোৱা হয় ৷

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande