কৃষি নীতি আৰু নেতৃত্বত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি হ’ব লাগেঃ ৰাষ্ট্ৰপতি
নতুন দিল্লী, ১২ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে কৃষি খণ্ডত মহিলাসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু নীতি নিৰ্ধাৰণ, সিদ্ধান্ত গ্ৰহণ, আৰু নেতৃত্বৰ পদত তেওঁলোকক অধিক সুযোগ দিয়া উচিত। মহিলাসকলৰ ব্যাপক অংশগ্ৰহণে কৃষি খণ্ডত লিংগ
राष्ट्रपति द्रौपदी मुर्मु गुरुवार को पूसा परिसर में आयोजित जीसीडब्ल्यूएएस-2026 के उद्घाटन सत्र में दीप प्रज्जवलित करती हुईं


নতুন দিল্লী, ১২ মাৰ্চ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে কৃষি খণ্ডত মহিলাসকলে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু নীতি নিৰ্ধাৰণ, সিদ্ধান্ত গ্ৰহণ, আৰু নেতৃত্বৰ পদত তেওঁলোকক অধিক সুযোগ দিয়া উচিত। মহিলাসকলৰ ব্যাপক অংশগ্ৰহণে কৃষি খণ্ডত লিংগ অন্তৰ্ভুক্ত উন্নয়নক প্ৰসাৰিত কৰিব ।

বৃহস্পতিবাৰে কৃষি খাদ্য ব্যৱস্থাত মহিলাৰ ভূমিকা সম্পৰ্কীয় বিশ্বব্যাপী সন্মিলন (জি চি ডব্লিউ এ এছ ২০২৬)ৰ উদ্বোধনী অধিবেশনত ভাষণ প্ৰদান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। বীজ সিঁচা, চপোৱা, প্ৰক্ৰিয়াকৰণ, বিপণনকে ধৰি প্ৰায় প্ৰতিটো কৃষি কামতে মহিলাসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও কয়। তদুপৰি মীনপালন, মৌপালন, পশুপালন, বনজ সামগ্ৰীৰ ব্যৱহাৰ, কৃষিভিত্তিক উদ্যোগ পৰিচালনা আদিত তেওঁলোকে অহৰহ অৰিহণা যোগাই আহিছে। কৃষি অৰ্থনীতি শক্তিশালী কৰাত মহিলাসকলে অমূল্য অৱদান আগবঢ়ায়।

তেওঁ আঙুলিয়াই দিয়ে যে ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়সমূহৰ মুঠ ছাত্ৰ জনসংখ্যাৰ ৫০ শতাংশতকৈ অধিক আৰু অন্যান্য বিশ্ববিদ্যালয়সমূহৰ ৬০ শতাংশতকৈ অধিক মহিলা ছাত্ৰী, যিয়ে শৈক্ষিক প্ৰদৰ্শনতো পাৰদৰ্শিতা দেখুৱায়। এনে পৰিস্থিতিত চৰকাৰ, সমাজ, আৰু কৃষি খণ্ডৰ সকলো অংশীদাৰৰ দায়িত্ব এই প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰা আৰু সহায় কৰা যাতে তেওঁলোকে কৃষি আৰু খাদ্য উৎপাদনত আগভাগ ল’ব পাৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মাতৃত্বই সহজাতভাৱে নেতৃত্বক লালন-পালন কৰে, কিন্তু ইয়াক প্ৰায়ে ঘৰৰ পৰিসীমাত সীমাবদ্ধ বুলি গণ্য কৰা হয়। এই মানসিকতা সলনি কৰিব লাগিব আৰু মহিলাসকলক কৃষি খণ্ডত নেতৃত্ব দিবলৈ উৎসাহিত কৰিব লাগিব। তেওঁ ব্যাখ্যা কৰে যে ৰাষ্ট্ৰসংঘই ২০২৬ চনক মহিলা কৃষকৰ আন্তঃৰাষ্ট্ৰীয় বছৰ হিচাপে ঘোষণা কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে কৃষি খাদ্য মূল্য শৃংখলত লিংগ ব্যৱধান হ্ৰাস কৰা আৰু মহিলাৰ নেতৃত্বৰ ভূমিকাক প্ৰসাৰ কৰা ।

ৰাষ্ট্ৰপতিয়ে কয় যে মহিলাসকলক আনুষ্ঠানিক ভূমি মালিকীস্বত্ব, কাৰিকৰী জ্ঞান, আৰ্থিক সম্পদ, আৰু অন্যান্য সহায়ক ব্যৱস্থাৰ সৈতে সংযোগ কৰাটো অতি প্ৰয়োজনীয়। তেওঁ সন্তুষ্টি প্ৰকাশ কৰে যে বিগত দশকত ভাৰতে কৃষিক্ষেত্ৰত মহিলা সবলীকৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। মহিলা নেতৃত্বাধীন আত্মসহায়ক গোট আৰু কৃষক উৎপাদক সংস্থাসমূহক প্ৰসাৰিত কৰা পদক্ষেপসমূহ এই দিশত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে ।

তেওঁ কয় যে মানুহ, গ্ৰহ, সমৃদ্ধি, শান্তি, আৰু অংশীদাৰিত্বক সমান গুৰুত্ব দিয়াৰ ক্ষেত্ৰত বিশ্বব্যাপী একমত আছে। মানুহ মাত্ৰাৰ ভিতৰত লিংগ সমতাক বিশেষ অগ্ৰাধিকাৰ দিয়া উচিত। কৃষিকে ধৰি সকলো খণ্ডতে ফলপ্ৰসূ লিংগ অন্তৰ্ভুক্তিয়ে কেৱল বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাই নহয়, গ্ৰহটোক অধিক সংবেদনশীল আৰু সুসমতাপূৰ্ণ কৰি তুলিব ।

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে ভাৰতীয় কৃষিত ভগ্নী আৰু কন্যাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। বীজ সিঁচাৰ পৰা আৰম্ভ কৰি চপোৱা আৰু মজুত কৰালৈকে প্ৰতিটো পৰ্যায়তে মহিলাই আগবাঢ়ি আছে। আজি আমাৰ বহু সংখ্যক কন্যাই কৃষি শিক্ষা গ্ৰহণ কৰি আছে। এই দিশত আইচিআৰে অতি সোনকালে লিংগ মঞ্চ মুকলি কৰিব, যিয়ে সমগ্ৰ দেশৰ কৃষি গৱেষণা নেটৱৰ্কত মহিলাকেন্দ্ৰিক গৱেষণাক নতুন গতি আৰু দিশ প্ৰদান কৰিব।

তিনিদিনীয়া এই সন্মিলনখন কৃষি বিজ্ঞান উন্নতি ট্ৰাষ্ট, ভাৰতীয় কৃষি গৱেষণা পৰিষদ, আন্তঃৰাষ্ট্ৰীয় কৃষি গৱেষণা পৰামৰ্শদাতা গোট, উদ্ভিদৰ জাত সুৰক্ষা আৰু কৃষকৰ অধিকাৰ কৰ্তৃপক্ষৰ যৌথ উদ্যোগত। এই সন্মিলনৰ লক্ষ্য হৈছে কৃষি খাদ্য ব্যৱস্থাত মহিলাসকলৰ অংশগ্ৰহণক মূলসুঁতিলৈ অনাৰ উপায়সমূহ আলোচনা কৰা আৰু এই ক্ষেত্ৰত নীতিগত কাঠামো শক্তিশালী কৰা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande