হিংসাত্মক ঘটনাৰ সৈতে জৰিত ব্য়ক্তিক কঠোৰ শাস্তি প্ৰদান কৰা হবঃমেঘালয়ৰ মুখ্য়মন্ত্ৰী
শ্বিলং, ১২ মাৰ্চ (হি.স.)। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে ছাংমা আৰু তেওঁৰ পত্নী এম এল এ মেহেতাব চান্দি আগাথ ছাংমা আজি তুৰাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে ৷ যোৱা কালি তুৰাৰ এন পি পি কাৰ্
হিংসাত্মক ঘটনাৰ সৈতে জৰিত ব্য়ক্তিক কঠোৰ শাস্তি প্ৰদান কৰা হবঃমেঘালয়ৰ মুখ্য়মন্ত্ৰী


শ্বিলং, ১২ মাৰ্চ (হি.স.)। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে ছাংমা আৰু তেওঁৰ পত্নী এম এল এ মেহেতাব চান্দি আগাথ ছাংমা আজি তুৰাৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে ৷ যোৱা কালি তুৰাৰ এন পি পি কাৰ্য্যালয়ত হোৱা মেঘালয়ৰ দূবৃৰ্তৰ দলে আক্ৰমন কৰা স্থান পৰিদৰ্শন কৰাৰ লগতে জিলা আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰে; লগতে যি সমুহ ঠাইত অগ্নি সংযোগ কৰি জ্বলাই দিছিল সেই ঠাই সমুহ পৰিদৰ্শন কৰে৷

চিআৰপিএফ বিষয়াৰ উচ্চ পদস্থ বিষয়াৰ সৈতে পৰিস্থিতিৰ বুজ লৈ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰাৰ সময়ত ঘটনাৰ সৈতে জৰিত ব্য়ক্তিক কঠোৰ শাস্তি প্ৰদান কৰা হব বুলি মন্তব্য প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande