
নগাঁও, ১২ মাৰ্চ (হি.স.): নগাঁও জিলাৰ চামগুৰিত সংঘটিত হৈছে এক চাঞ্চল্য়কৰ ঘটনা। সন্তানক বুকুত বান্ধি মাতৃয়ে আত্মহত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । চামগুৰিত আজি পুৱাই সংঘটিত হৈছে এই কৰুণ ঘটনা।
চামগুৰিৰ উদমাৰিত পাঁচ মহীয়া সন্তানক বুকুত বান্ধি মাতৃয়ে নৈত জাপ দি আত্মহত্যা কৰে । মহিলা গৰাকীৰ নাম সংগীতা মাঝি মুঢ়া বুলি জানিব পৰা গৈছে । নৈৰ পাৰত উদ্ধাৰ মোবাইল ফোন আৰু চেণ্ডেল । ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰকাৰী দলৰ সহায়ত উদ্ধাৰ কৰে মৃতদেহ । পৰিয়াল কেন্দ্ৰিক সংঘাতৰ ফলত মহিলা গৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে । অৱশ্য়ে আৰক্ষীৰ তদন্তৰ অন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ