পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত শোকাৱহ পথ দুৰ্ঘটনা
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত শোকাৱহ পথ দুৰ্ঘটনা।
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত শোকাৱহ পথ দুৰ্ঘটনা


পশ্চিম কাৰ্বি আংলং, ১২ মাৰ্চ (হি.স.): পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত যোৱা কালি নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। মটৰ চাইকেল আৰু মাৰুটি wagonR ৰ মাজত সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত থিতাতে নিহত ফুলেশ্বৰ চৌহান নামৰ এজন ব্যক্তি। ইফালে আহত হয় মাণিক দাস নামৰ আন এজন ব্যক্তি। মুষলধাৰ বৰষুণৰ মাজতে দুয়োয়ে দিন হাজিৰা কৰি খেৰণিৰ পৰা চাৰিআলি অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ এএছ ০২ এছ ৯১৫৪ আৰু মাৰুটি wagon R খনৰ নম্বৰ হৈছে এএছ ০২ এডব্লিউ ০২২৩ বুলি জনা গৈছে। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে আৰু আহত জনৰ চিকিৎসাৰ ব্যৱস্থা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande