দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা
দেৰগাঁৱত ভয়ংকৰ পথ দুৰঘটনা।
দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা


গোলাঘাট, ১২ মাৰ্চ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত যোৱা কালি বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দেৰগাঁৱৰ ৰজাবাহৰ ন- গোঁসাই টোলত এই ভয়াৱহ পথ দুৰ্ঘটনাটো ঘটে । লক্ষ্মীনাথ ফুকন পথত নাৰিকলগুৰি দিশৰ পৰা এখন দ্ৰুতবেগী পালছাৰ বাইকে প্ৰচণ্ড খুন্দা মাৰে গছত । ফলত মটৰ চাইকেল আৰোহী বিচিত্ৰ বৰা গুৰুত্বৰ ভাবে আহত হয় ।

আৰোহী বিচিত্ৰ বৰাৰ ঘৰ দেৰগাঁৱৰ সমীপবৰ্তী বৰপুখুৰী পাৰ গুৱালগাঁৱত বুলি জনা গৈছে । দুৰ্ঘতনাত পতিত হোৱা বাইক খনৰ নম্বৰ -এএছ ০৫ এল ০২৯৮ বুলি জনা গৈছে। ঘটনাস্থলীত দেৰগাঁও যান বাহন আৰক্ষী উপস্থিত হৈ আহত যুৱক জনক দেৰগাঁৱৰ সামূহিক চিকিৎসালৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande