সাপেখাটিৰ বগাবাঘত ভয়ংকৰ পথ দূৰ্ঘটনা
দুজন বাইক চালক আহতঃ সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ ।
সাপেখাটিৰ বগাবাঘত ভয়ংকৰ পথ দূৰ্ঘটনা


চৰাইদেউ, ১২ মাৰ্চ (হি.স.): চৰাইদেউ জিলাৰ সাপেখাটি আৰক্ষী থানাৰ অন্তৰ্গত ৫২ নং (বি) ৰাষ্ট্ৰীয় ঘাইপথৰ বগাবাঘত যোৱা কালি বুধবাৰে বিয়লি এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ।

প্ৰাপ্ততথ্য মতে সাপেখাটিৰ পৰা হোলোঙামৰা অভিমুখে তীব্ৰ বেগত এ এচ ২৩ ,এ এইচ ৮৮৬৪ নম্বৰৰ কে- টিম ডিও ২০০ বাইক খনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এটা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ খুটাত খুন্দা মৰাৰ ফলত বাইক দুই টুকৰা হৈ চিন্ন ভিন্ন হৈ পথাৰ পৰে গৈ । বাইক খনৰ চালক আৰু ক্ৰমে বাদল চেত্ৰী আৰু ৰুহিত হাতি নামৰ দুই যুৱক গুৰুত্ব ৰ ভাবে আহত হয়। আহত যুৱক দুজনক ততালিকে সাপেখাটি আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও দুযোৰে স্বাস্থ্য অবনতি হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় এ এম চি এছ লৈ প্ৰেৰণ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande