ইৰাণৰ সৈতে সমস্যা সমাধান হ’লেও গেছৰ সংকটৰ অন্ত নপৰে–ৰাহুল গান্ধী
নতুন দিল্লী, ১২ মাৰ্চ (হি.স.)। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে কয় যে পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ বাবে ইৰাণৰ সমস্যা সমাধান হ’লেও সংকটৰ অন্ত নপৰে। পৃথিৱীখন সলনি হৈ আছে আৰু গাঁথনিও সলনি হৈ আছে । গতিকে আমাৰ মানসিকতা সলনি কৰিব ল
राहुल गांधी


নতুন দিল্লী, ১২ মাৰ্চ (হি.স.)। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে কয় যে পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ বাবে ইৰাণৰ সমস্যা সমাধান হ’লেও সংকটৰ অন্ত নপৰে। পৃথিৱীখন সলনি হৈ আছে আৰু গাঁথনিও সলনি হৈ আছে । গতিকে আমাৰ মানসিকতা সলনি কৰিব লাগিব। কেন্দ্ৰত ভাৰতক লৈ কাম নকৰিলে সমস্যা আৰু গভীৰ হৈ পৰিব।

সংসদ ভৱন কমপ্লেক্সত সাংবাদিকৰ আগত ৰাহুল গান্ধীয়ে কয় যে দেশত এল পি জি আৰু তেলৰ সংকট মাত্ৰ আৰম্ভ হৈছে। তেওঁ সদনত ভাষণ দিয়াৰ ইচ্ছা প্ৰকাশ কৰে যদিও নতুন পদ্ধতিৰ বাবে তেওঁক এই সুযোগৰ পৰা বঞ্চিত কৰা হয় । তেওঁ কয় যে এতিয়া মন্ত্ৰীসকলে প্ৰথমে সিদ্ধান্ত ল’ব, তাৰ পিছত তেওঁ কথা ক’ব, তাৰ পিছত মন্ত্ৰীসকলে উত্তৰ দিব। আচল কথাটো হ’ল গেছ, পেট্ৰ’ল, আৰু সকলো ইন্ধন সমস্যা হৈ পৰিব কাৰণ আমাৰ শক্তিৰ সুৰক্ষাৰ লগত আপোচ কৰা হৈছে ।

তেওঁ কয় যে এতিয়াই প্ৰস্তুতিৰ প্ৰয়োজন, কিয়নো আমাৰ হাতত এতিয়াও সময় আছে। এই সংকট দূৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু চৰকাৰে অনতিপলমে প্ৰস্তুতি আৰম্ভ কৰিব লাগে। প্ৰস্তুতি নকৰিলে লাখ লাখ মানুহে ক্ষতিগ্ৰস্ত হ’ব । এই বিষয়টো কেৱল ইৰাণৰ পৰা ইন্ধন পাব নে নাপাব সেইটোৱেই নহয়, বৰঞ্চ আমি অস্থিৰ সময়ত প্ৰৱেশ কৰিছো। এনে সময়ত পুৰণি চিন্তাধাৰাই কামত নাহিব, আৰু আমি এক নতুন পন্থা অৱলম্বন কৰিব লাগিব ।

ৰাজনৈতিক বক্তব্য দিয়া নাই, বৰঞ্চ, তেওঁ এটা ডাঙৰ সমস্যাৰ ওপৰত চকু ৰাখিছে বুলিও কয় । প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ জনসাধাৰণ যাতে সুৰক্ষিত হৈ থাকে আৰু শক্তিৰ সুৰক্ষা বজাই ৰখাটো নিশ্চিত কৰিব লাগে । ৰাহুলে কয় যে প্ৰধানমন্ত্ৰীয়ে আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি কৈছে, কিন্তু তেওঁ নিজেই অস্থিৰ হৈ পৰিছে । ইয়াৰ বাবেই তেওঁ সদনলৈ আহিব পৰা নাই। প্ৰধানমন্ত্ৰীয়ে দেশবাসীক কৈছে যে আতংকিত হোৱাৰ প্ৰয়োজন নাই, আনহাতে তেওঁ নিজেই বিভিন্ন কাৰণত অস্থিৰ হৈ পৰিছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande