
বিশ্বনাথ, ১২ মাৰ্চ (হি.স.)। দলগাঁৱত সোপাধৰাৰ আতংক, উৰাবাতৰিৰ বলি হৈ দুৰ্ঘটনাত পতিত যুৱক-যুৱতী। বৰ্তমানৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত মানুহে অন্ধবিশ্বাস আৰু উৰাবাতৰিক প্ৰশ্ৰয় দি কেনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, তাৰ এক জলন্ত উদাহৰণ দেখিবলৈ পোৱা গৈছে দৰং জিলাৰ দলগাঁৱত। সোপাধৰাৰ উৰাবাতৰিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এক উত্তপ্ত পৰিস্থিতিয়ে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনাৰ বিৱৰণী অনুসৰি দলগাঁৱৰ ঢেকেৰীগাঁও অঞ্চলত এখন ব্যক্তিগত বাহনত এজন যুৱক আৰু এগৰাকী যুৱতী আহি থকা অৱস্থাত একাংশ লোকে তেওঁলোকক সোপাধৰা বুলি সন্দেহ কৰে। কোনো সত্যতা বিচাৰ নকৰাকৈয়ে একাংশ উত্তেজিত লোকে বাহন খনক খেদিবলৈ আৰম্ভ কৰে। উত্তেজিত জনতাৰ হাতৰ পৰা পৰিত্ৰাণ পাবলৈ যুৱকজনে তীব্ৰ গতিত গাড়ীখন চলাই পলায়ন কৰিবলৈ চেষ্টা কৰে। যাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন এক দুৰ্ঘটনাত পতিত হয়।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত হাজাৰ হাজাৰ লোক সমবেত হয়। সোপাধৰাৰ উৰাবাতৰিৰ বাবে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়। দলগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে উত্তেজিত জনতাৰ মাজৰ পৰা যুৱক আৰু যুৱতী গৰাকীক উদ্ধাৰ কৰি সুৰক্ষিতভাৱে থানালৈ লৈ যায়। একবিংশ শতিকাৰ বিজ্ঞানৰ যুগত যি সময়ত মানুহে প্ৰতিটো কথা যুক্তিৰে বিচাৰ কৰিব লাগে। তেনে সময়ত কেৱল সন্দেহৰ বশৱৰ্তী হৈ আইন হাতত তুলি লোৱা কাৰ্যই সচেতন মহলক চিন্তিত কৰি তুলিছে।
আৰক্ষীয়ে ৰাইজক কোনো ধৰণৰ উৰাবাতৰিত ভূল নাযাবলৈ আৰু সন্দেহজনক কিবা দেখিলে আইন হাতত তুলি নোলোৱাকৈ লগে লগে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছে। বৰ্তমান ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা