লংকাৰ লস্কৰ পথাৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন
হোজাই, ১২মাৰ্চ (হি.স.)। লংকাৰ লস্কৰ পথাৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন ৷ লংকাৰ উত্তৰ লস্কৰ পথাৰ নালুগাঁওত বনৰীয়া হাতীৰ আক্ৰমণৰ ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ হাতীৰ আক্ৰমণত থিতাতে নিহত জৰঙ পথাৰ ভীমআলিৰ চাইদুল হক৷ পুৱা বনৰীয়া হাতী চাবলৈ বুলি ওলাই যোৱা মৃ
লংকাৰ লস্কৰ পথাৰত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যুৰ এজনৰ ৷


Elephant killed man


হোজাই, ১২মাৰ্চ (হি.স.)। লংকাৰ লস্কৰ পথাৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন ৷ লংকাৰ উত্তৰ লস্কৰ পথাৰ নালুগাঁওত বনৰীয়া হাতীৰ আক্ৰমণৰ ভয়ংকৰ ঘটনা সংঘটিত হয় ৷ হাতীৰ আক্ৰমণত থিতাতে নিহত জৰঙ পথাৰ ভীমআলিৰ চাইদুল হক৷ পুৱা বনৰীয়া হাতী চাবলৈ বুলি ওলাই যোৱা মৃত চাইদূল হঠাৎ বনৰীয়া হাতীৰ ভয়ংকৰ আক্ৰমণৰ সন্মূখীণ হয় ৷

কুহিঁয়াৰৰ খেতিৰ মাজৰ পৰা হাতীটো ওলাই আহি খেদি খেদি আক্ৰমণ কৰে মৃত চাইদূলক ৷ অঞ্চলটোত সঘনাই হাতীৰ উপদ্ৰৱ বৃদ্ধি পোৱাত ৰাইজে বন বিভাগৰ তৎকাল ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande