কলিয়াবৰৰ চিকণি বৰহোলাৰ বাগানত মৰেল পুলিচিঙৰ ঘটনা
গোলাঘাট, ১২ মাৰ্চ (হি.স.)। কালি নিশা কলিয়াবৰৰ চিকণি বৰহোলাৰ বাগানত মৰেল পুলিচিঙৰ ঘটনা। গৰু চোৰৰ সন্দেহত গুৰুলাগুৰুলকৈ প্ৰহাৰ নিৰীহ যুৱকক। উন্মাদ ৰাইজৰ প্ৰহাৰত গুৰুতৰ ভাবে আহত আবু হুছেইন। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হোৱা আৰক্ষীৰ বাহনৰ ওপৰতো ক
কলিয়াবৰৰ চিকণি বৰহোলাৰ বাগানত মৰেল পুলিচিঙৰ ঘটনা


গোলাঘাট, ১২ মাৰ্চ (হি.স.)। কালি নিশা কলিয়াবৰৰ চিকণি বৰহোলাৰ বাগানত মৰেল পুলিচিঙৰ ঘটনা। গৰু চোৰৰ সন্দেহত গুৰুলাগুৰুলকৈ প্ৰহাৰ নিৰীহ যুৱকক। উন্মাদ ৰাইজৰ প্ৰহাৰত গুৰুতৰ ভাবে আহত আবু হুছেইন। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হোৱা আৰক্ষীৰ বাহনৰ ওপৰতো ক্ষতি সাধন।

সংকট জনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আবু হুছেইনক। শতাধিক লোকে বীৰত্ব প্ৰদৰ্শন কৰি মৰেল পুলিচিঙৰ দৰে ঘটনা সংঘটিত কৰিলে আবু হুছেইন ৰ সৈতে। ৰাজ্য়ত সম্প্ৰতি গৰু চোৰৰ উপদ্ৰৱেগঞা ৰাইজক ভীষণ খতিগ্ৰস্থ কৰিছে। ৰাজ্য়ৰ বিয়াগোম আৰক্ষী বিভাগে গৰু চোৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বিশেষ সফলতা লাভ কৰাত ব্য়ৰ্থ হৈছে। নিৰিহ ব্যক্তি গৰাকী মৰেল পলিচিংৰ ঘটনাত আক্ৰান্ত হোৱাটো এনে গৰু চোৰৰ উপদ্ৰৱত খতিগ্ৰস্থ একাংশ ৰাইজৰ ক্ৰোধৰ বৰ্হি প্ৰকাশ বুলি স্থানীয় একাংশ ৰাইজে সংবাদ মাধ্যমক অবগত কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande