
কোকৰাঝাৰ, ১২ মাৰ্চ (হি.স.): অৰুণোদয় ৩.০ আঁচনিৰ অধীনত প্ৰদান কৰা ৯ হাজাৰ টকাৰ আৰ্থিক সহায়তা নোপোৱাৰ অভিযোগ উত্থাপন কৰি আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত একাংশ মহিলা হিতাধিকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী মহিলাসকলে অভিযোগ কৰে যে মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি তেওঁলোকে আঁচনিখনৰ ধনৰাশি পোৱাৰ কথা আছিল যদিও এতিয়াও তেওঁলোকে কোনো ধৰণৰ সহায়তা লাভ কৰা নাই।প্ৰতিবাদত অংশগ্ৰহণ কৰা মহিলাসকলে কয় যে তেওঁলোকৰ মাজত বহুজনেই পূৰ্বতে অৰুণোদয় ২.০ আঁচনিৰ সুবিধা লাভ কৰিছিল, কিন্তু এইবাৰ অৰুণোদয় ৩.০ ৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। ফলত তেওঁলোকে চৰকাৰৰ পৰা পোৱা নিয়মিত আৰ্থিক সহায়তাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে বুলি অভিযোগ কৰে।
প্ৰতিবাদ চলাকালীন সময়ত বহু মহিলাই সংবাদ মাধ্যমৰ আগত নিজৰ দুখ-কষ্ট প্ৰকাশ কৰি কান্দি উঠে। তেওঁলোকৰ মতে, দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে এই আৰ্থিক সহায়তা অতি গুৰুত্বপূৰ্ণ। কিন্তু অৰুণোদয় ৩.০ ৰ ধনৰাশি নোপোৱাৰ বাবে তেওঁলোকৰ পৰিয়ালৰ দৈনন্দিন জীৱন-যাপনত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।
প্ৰতিবাদী মহিলাসকলে এই ক্ষেত্ৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎকালীন হস্তক্ষেপ দাবী কৰে। লগতে বিষয়টো তদন্ত কৰি বঞ্চিত হিতাধিকাৰীসকলক অৰুণোদয় আঁচনিৰ ধনৰাশি শীঘ্ৰে প্ৰদান কৰাৰ দাবী জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ