দুদিনিয়া ভ্ৰমণ সূচীৰে কাইলৈ পুনৰ প্ৰধানমন্ত্ৰীৰ অসম আগমণ
গুৱাহাটী, ১২ মাৰ্চ(হি.স.)। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কাইলৈ পুনৰ অসম ভ্ৰমণলৈ আহিব । দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী গৰাকী অসমলৈ আগমণ ঘটিব বুলিও ৰাজ্যিক বিজেপিৰ এক সূত্ৰই তথ্য সদৰি কৰে। তেওৰ দুদিনীয়া ভ্ৰমণসূচীৰ কালচোৱাত কেইবাটাও উন্নয়নমূলক
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ফাইল ফটো


গুৱাহাটী, ১২ মাৰ্চ(হি.স.)। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কাইলৈ পুনৰ অসম ভ্ৰমণলৈ আহিব । দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী গৰাকী অসমলৈ আগমণ ঘটিব বুলিও ৰাজ্যিক বিজেপিৰ এক সূত্ৰই তথ্য সদৰি কৰে। তেওৰ দুদিনীয়া ভ্ৰমণসূচীৰ কালচোৱাত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে । চাহ জনগোষ্ঠীৰ লোক সকলক ভূমিৰ পট্টা বিতৰণ কৰা এক কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰাৰ কথা ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে কোকৰাঝাৰৰ পৰা তেওঁৰ ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰিব। তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব । ইয়াৰ ভিতৰত ভূটানলৈ ৰে’ল সেৱাৰ সম্প্ৰসাৰণৰ এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । ১৩ মাৰ্চত প্ৰধানমন্ত্ৰী গৰাকীয়ে গুৱাহাটীত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিৰ এটা কিস্তি মুকলি কৰিব। দিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰত জনসভা সম্বোধন কৰিব ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande