
কাঠমাণ্ডু, ১২ মাৰ্চ (হি.স.)। উপসাগৰীয় দেশসমূহত আবদ্ধ হৈ থকা নেপালী নাগৰিকসকলৰ নিৰাপদে উভতি অহাৰ বাবে নেপাল চৰকাৰে বিভিন্ন বিকল্পৰ বিষয়ে অহৰহ বিবেচনা কৰি আছে। নেপালৰ বৈদেশিক মন্ত্ৰালয়ে কূটনৈতিক পদক্ষেপকে ধৰি বিকল্পৰ বিষয়ে বিবেচনা কৰি আছে।
নেপালৰ বৈদেশিক সচিব অমৃত ৰায়ে তেওঁৰ সমন্বয়ত গঠন হোৱা জৰুৰীকালীন সঁহাৰি দলৰ বৈঠক আজিও অব্যাহত আছে বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে উপসাগৰীয় দেশসমূহৰ পৰা প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষা কৰি থকা ৫০ হাজাৰ নেপালী নাগৰিকক নিৰাপদে ঘূৰি অহাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।
আজিৰ বৈঠকত উপসাগৰীয় বিমানবন্দৰত ট্ৰেনজিটত আবদ্ধ হৈ থকা নেপালী নাগৰিকসকলক প্ৰত্যাৱৰ্তনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ পিছত এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সিদ্ধান্ত লোৱা হয়। বুধবাৰে নিশা প্ৰেৰণ কৰা নেপাল এয়াৰলাইন্সৰ এখন বিশেষ বিমানে আজি পুৱা ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ট্ৰেনজিটত আবদ্ধ হৈ থকা নেপালী নাগৰিকৰ প্ৰথমটো গোটক কাঠমাণ্ডুলৈ লৈ আহে।
বৈদেশিক সচিব ৰাইয়ে উল্লেখ কৰে যে এতিয়া নিয়মিতভাৱে বিশেষ বিমান প্ৰেৰণৰ সিদ্ধান্ত লোৱা হৈছে যাতে নেপালী নাগৰিকসকলক তাৰ পৰা নিৰাপদে ঘূৰাই অনা হয় । ইয়াৰ বাবে ব্যৱহাৰ কৰা হ’ব নেপাল এয়াৰলাইন্সৰ বিমান। নেপাল চৰকাৰে ফ্লাই ডুবাই আৰু এমিৰেটছ এয়াৰৰ পৰাও নেপালী নাগৰিকৰ নিৰাপদে উভতি অহাৰ বাবে বিমান চাৰ্টাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি উপসাগৰীয় দেশসমূহত বাস কৰা প্ৰায় ৫০ হাজাৰ নেপালী নাগৰিকে নেপাললৈ ঘূৰি অহাৰ বাবে অনলাইন আবেদন কৰিছে। চৰকাৰে তেওঁলোকৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিছে আৰু তেওঁলোকৰ উভতি অহাৰ সকলো সম্ভাৱনাৰ সন্ধান কৰিছে ।
নেপালৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বৈঠকত নেপালী নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় সমন্বয় আৰু পদক্ষেপ অব্যাহত ৰখা, প্ৰয়োজন হ’লে বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনা অধ্যয়ন কৰা, আৰু জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ জৰিয়তে নেপালৰ কূটনৈতিক মিছনৰ সৈতে যোগাযোগ কৰাসকলক সহায় আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া