কাঠমাণ্ডুত পৰম্পৰাগত শৈলীৰে জেন-জি শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণৰ কাম আৰম্ভ
কাঠমাণ্ডু, ১২ মাৰ্চ (হি.স.)। কাঠমাণ্ডুৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া কমপ্লেক্সত নেপালত জেন-জি আন্দোলনৰ সময়ত মৃত্যু হোৱা ৪২ জন শ্বহীদৰ প্ৰতিমূৰ্তিৰে নিৰ্মাণৰ কাম আৰম্ভ হৈছে । স্মৃতিসৌধ প্ৰকল্পৰ আয়োজকসকলে জনোৱা মতে, বিগত বৰ্ষৰ ৮ আৰু ৯ ছেপ্টেম্বৰত প্ৰত
काठमांडू में निर्माणाधीन जेन जी शहीद मेमोरियल पार्क


কাঠমাণ্ডু, ১২ মাৰ্চ (হি.স.)। কাঠমাণ্ডুৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া কমপ্লেক্সত নেপালত জেন-জি আন্দোলনৰ সময়ত মৃত্যু হোৱা ৪২ জন শ্বহীদৰ প্ৰতিমূৰ্তিৰে নিৰ্মাণৰ কাম আৰম্ভ হৈছে ।

স্মৃতিসৌধ প্ৰকল্পৰ আয়োজকসকলে জনোৱা মতে, বিগত বৰ্ষৰ ৮ আৰু ৯ ছেপ্টেম্বৰত প্ৰতিবাদৰ সময়ত মুঠ ৪৫ জন লোকৰ মৃত্যু হৈছিল । তেতিয়াৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰী বাবলু গুপ্তাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদৰ ১২৪ সংখ্যক ব’ৰ্ড বৈঠকৰ পিছতে এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয়। উদ্যানখনৰ বাবে মাটি আবণ্টনৰ সিদ্ধান্ত সভাত লোৱা হয় ।

জেন-জি আন্দোলনৰ শ্বহীদসকলৰ উত্তৰাধিকাৰ আৰু অৱদান দীৰ্ঘদিন ধৰি সংৰক্ষণৰ বাবে, ঐতিহাসিক আৰু পৰম্পৰাগত শৈলীত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে এই স্মৃতি উদ্যানখন ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande