নিৰ্বাচনৰ প্ৰতি নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অলিৰ প্ৰথম প্ৰতিক্ৰিয়াত প্ৰকাশ পাইছে পৰাজয়ৰ যন্ত্ৰণা
কাঠমাণ্ডু, ১২ মাৰ্চ (হি.স.)। নির্বাচনৰ ফলাফলৰ পাছত প্রথম প্রতিক্রিয়া প্রকাশ কৰিছে প্রাক্তন প্রধানমন্ত্রী তথা চিপিএন-ইউএমএলৰ অধ্যক্ষ কেপি শর্মা অলিয়ে ৷ আজি ফেচবুক পোষ্টত ভোটাৰক ধন্যবাদ জ্ঞাপন কৰি তেওঁৰ দলে জনসাধাৰণৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় ক
पूर्व प्रधानमंत्री केपी शर्मा ओली


কাঠমাণ্ডু, ১২ মাৰ্চ (হি.স.)। নির্বাচনৰ ফলাফলৰ পাছত প্রথম প্রতিক্রিয়া প্রকাশ কৰিছে প্রাক্তন প্রধানমন্ত্রী তথা চিপিএন-ইউএমএলৰ অধ্যক্ষ কেপি শর্মা অলিয়ে ৷ আজি ফেচবুক পোষ্টত ভোটাৰক ধন্যবাদ জ্ঞাপন কৰি তেওঁৰ দলে জনসাধাৰণৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব বুলি কয়।

অলিয়ে কয় যে, এই নিৰ্বাচনত মই আশা কৰা ফলাফল নাপালোঁ । আমাৰ দলেও আকাংক্ষিত ফলাফল লাভ কৰাত ব্যৰ্থ হ'ল। গণতন্ত্ৰত চূড়ান্ত সিদ্ধান্ত জনসাধাৰণৰ ওপৰত নিৰ্ভৰশীল, আৰু সেই সিদ্ধান্ত গ্ৰহণ কৰাটো মোৰ আৰু মোৰ দলৰ কৰ্তব্য।

তেওঁ কয়, আমি জনসাধাৰণৰ মাজত থাকিম, তেওঁলোকৰ বাবে কাম কৰি যাম, আৰু এই বিশ্বাসৰ বান্ধোনক আৰু অধিক শক্তিশালী কৰিম। আমাক ভোট দিয়া, সমৰ্থন কৰা আৰু বিশ্বাস কৰা সকলোকে আন্তৰিক ধন্যবাদ ।

৫ নং ঝাপা সমষ্টিত ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ প্ৰাৰ্থী বলেন্দ্ৰ শ্বাহৰ হাতত পৰাস্ত হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া। নেপালৰ বাওঁপন্থী দলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচনত ইউএমএল দুগুণ সংখ্যাত উপনীত হ’ব নোৱাৰিলে। ইউএমএলে মাত্ৰ ৯খন প্ৰত্যক্ষ আসনহে লাভ কৰে। একেদৰে আনুপাতিক নিৰ্বাচনত দলটোৱে এতিয়ালৈকে সৰ্বনিম্ন ভোটৰ মুঠ ১৪.৫৫ লাখ লাভ কৰে। এতিয়ালৈকে দলটোৱে ধাৰাবাহিকভাৱে ৩০ লাখৰো অধিক ভোট লাভ কৰিছিল ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande