মুখ্যমন্ত্ৰীৰ জন আৰ্শীবাদ যাত্ৰাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগত নলবাৰীত এজনক আটক
নলবাৰী, ১২ মাৰ্চ (হি.স.)। মুখ্যমন্ত্ৰীৰ জন আৰ্শীবাদ যাত্ৰাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগত আটক কৰা হৈছে এজন লোকক। নলবাৰী হৈ যোৱা মুখ্যমন্ত্ৰীৰজন আশীৰ্বাদ যাত্ৰাৰ দিনাখনেই এগৰাকী কংগ্ৰেছ নেতাক বিজেপি নেতাই প্ৰহাৰ কৰাৰ উঠিছিল অভিযোগ । বিজে
মুখ্যমন্ত্ৰীৰ জন আৰ্শীবাদ যাত্ৰাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগত নলবাৰীত এজনক আটক


নলবাৰী, ১২ মাৰ্চ (হি.স.)। মুখ্যমন্ত্ৰীৰ জন আৰ্শীবাদ যাত্ৰাত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগত আটক কৰা হৈছে এজন লোকক। নলবাৰী হৈ যোৱা মুখ্যমন্ত্ৰীৰজন আশীৰ্বাদ যাত্ৰাৰ দিনাখনেই এগৰাকী কংগ্ৰেছ নেতাক বিজেপি নেতাই প্ৰহাৰ কৰাৰ উঠিছিল অভিযোগ । বিজেপি নেতাৰ অভিযোগ আছিল মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত কংগ্ৰেছ নেতাৰ উদ্যোগত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা হৈছিল । মুখ্যমন্ত্ৰীৰ কনভয়লৈ পেট্ৰল নিক্ষেপ কৰাৰ লক্ষ্যৰে পেট্ৰল পাম্পত বটলত পেট্ৰল কিনিছিল।এইয়া ১০ তাৰিখে বিজেপি নেতাই কৰা অভিযোগ । আৰু আজি নলবাৰীৰ আৰক্ষীয়ে আটক কৰে পেট্ৰল পাম্পত বটলত পেট্ৰল কিনা যুৱক হৰেকৃষ্ণ মালাকৰক।

নলবাৰীত মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ যাত্ৰা চলি থকা সময়ত নলবাৰীৰ এটি পেট্ৰল পাম্পত এটি বটলত পেট্ৰল কিনা ভিজুৱেল পোহৰলৈ অহাক লৈয়ে উঠিছিল এই অভিযোগ । ইফালে ৯ মাৰ্চৰ নিশা কংগ্ৰেছ নেতা পৰাগ চক্ৰৱৰ্তীক প্ৰহাৰ কৰা ঘটনাক লৈ প্ৰতিবাদ কৰি থাকোতে প্ৰাক্তন অশোক শৰ্মাৰ.লগতে বাৰ গৰাকী কংগ্ৰেছ নেতা কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল । তাৰ পিছতেই উঠিছিল এই গুৰুতৰ অভিযোগ । আৰু পেট্ৰল পাম্পত বটলত পেট্ৰল কিনা যুৱক জনক আটক কৰিলে আৰক্ষীয়ে । পিছে আটকাধীন হৰেকৃঞ্চ মালাকৰে কয় যে তেওঁ নিজৰ বাইক খনত আধাবাটতে তেল শেষ হোৱাত বটলত পেট্ৰল কিনিছিল । এতিয়া আৰক্ষীয়ে এই ঘটনাক কেনেদৰে লয় কেনেদৰে তদন্ত কৰে সেয়া লক্ষ্যনীয় হৈ পৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande