
ভুৱনেশ্বৰ, ১২ মাৰ্চ (হি.স.)। শেহতীয়াকৈ পশ্চিমবংগ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অসন্মানজনক আচৰণক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী মোহন মাঝিয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ পত্ৰ প্ৰেৰণ কৰিছে। শেহতীয়াকৈ শিলিগুৰিত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সন্থাল সন্মিলনত অংশ লৈছিল মুৰ্মুয়ে।
মাঝিয়ে তেওঁৰ পত্ৰত উল্লেখ কৰিছে যে ভাৰতৰ গণতান্ত্ৰিক পৰম্পৰা পাৰস্পৰিক সন্মান আৰু মৰ্যাদাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, য’ত ৰাজনৈতিক মতানৈক্যই ব্যক্তিগত বা সাংবিধানিক স্থিতিৰ প্ৰতি সন্মানত কেতিয়াও প্ৰভাৱ পেলাব নালাগে। তেওঁ কয় যে শেষ মুহূৰ্তত অনুষ্ঠানটোৰ ব্যৱস্থাৰ পৰিৱৰ্তন বিশেষকৈ জনজাতীয় সম্প্ৰদায়ক জড়িত অনুষ্ঠানটোৰ স্থানান্তৰকৰণ দুৰ্ভাগ্যজনক আৰু সংবিধানৰ মনোভাৱৰ সৈতে অসঙ্গতিপূৰ্ণ।
তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ ঠিক আগতেই এই কাণ্ড সংঘটিত হৈছিল, যিয়ে ইয়াৰ গভীৰতা আৰু অধিক বৃদ্ধি কৰে, বিশেষকৈ যিহেতু ৰাষ্ট্ৰপতি মুৰ্মু নিজেই সন্থাল সম্প্ৰদায়ৰ এগৰাকী সন্মানীয় জনজাতীয় মহিলা।
ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে কয় যে এই কাণ্ডই সমগ্ৰ দেশৰ জনজাতীয়, পিছপৰা, আৰু দলিত সম্প্ৰদায়ৰ আৱেগক আঘাত কৰিছে । জাতিটোৰ উন্নয়নত যথেষ্ট অৰিহণা যোগোৱা সন্থাল সম্প্ৰদায়ৰ সৈতে নিজৰ সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ এই কাণ্ডক লৈ ব্যক্তিগত যন্ত্ৰণা প্ৰকাশ কৰে।
মাঝিয়ে লগতে কয় যে পশ্চিম বংগ চহকী সাংস্কৃতিক ঐতিহ্য, সভ্যতা, আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰতি সন্মানৰ বাবে জনাজাত আৰু সেয়েহে এনে ক্ষেত্ৰত উচ্চ মানদণ্ড বজাই ৰখা উচিত। তেওঁ চিঠিখনত লিখিছে যে এই ঘটনাই লাখ লাখ মানুহৰ আৱেগক আঘাত কৰাই নহয়, পশ্চিম বংগৰ ভাবমূর্তিৰ ওপৰতো “অপ্ৰয়োজনীয় ছাঁ” পেলাইছে।
তেওঁ মমতা বেনাৰ্জীক বিষয়টো বিবেচনা কৰি ৰাষ্ট্ৰপতি আৰু দেশবাসীৰ আগত দুখ প্ৰকাশ কৰিবলৈ আহ্বান জনায়। তেওঁৰ মতে এনে পদক্ষেপে গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি দায়বদ্ধতা আৰু সাংবিধানিক কাৰ্যালয়ৰ মৰ্যাদা শক্তিশালী কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া