পৰ্বতঝোৰাৰ টিপকাইত অত্যাধুনিক প্ৰযুক্তিৰ মডেল চিকিৎসালয় থকাৰ পিছতো চিকিৎসা নাপাই হাহাকাৰ
পৰ্বতঝোৰাৰ টিপকাইত অত্যাধুনিক প্ৰযুক্তিৰ মডেল চিকিৎসালয় থকাৰ পিছতো চিকিৎসা নাপাই হাহাকাৰ কৰিব লগীয়া হৈছে ৰোগী তথা টিপকাই অঞ্চলৰ ৰাইজ।
পৰ্বতঝোৰাৰ টিপকাইত অত্যাধুনিক প্ৰযুক্তিৰ মডেল চিকিৎসালয় থকাৰ পিছতো চিকিৎসা নাপাই হাহাকাৰ


কোকৰাঝাৰ, ১২ মাৰ্চ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ টিপকাইত অত্যাধুনিক প্ৰযুক্তিৰ মডেল চিকিৎসালয় থকাৰ পিছতো চিকিৎসা নাপাই হাহাকাৰ কৰিব লগীয়া হৈছে ৰোগী তথা টিপকাই অঞ্চলৰ ৰাইজে । কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত টিপকাই মডেল চিকিৎসালয় খনত অত্যাধুনিক প্ৰযুক্তিৰ যন্ত্ৰ আৰু বিভিন্ন ৰোগৰ অস্ত্ৰ-প্ৰচাৰ মেচিন থকাৰ পিছতো নাথাকে কোনো চিকিৎসক এনেকি সকলো পৰ্য্যায়ৰ সুবিধা থকাৰ পিছতো এগৰাকী গৰ্ভৱতী মহিলাই প্ৰসাৱ কৰিবলৈ সুবিধা নাপাই বাহিৰলৈ যাব লগা হয়।

সেয়ে স্থানীয় ৰাইজৰ মন্তৱ্য অলপ দিনৰ ভিতৰতে চিকিৎসকৰ সমস্যা সমাধান নহলে হস্পিতাল ভাঙি দিয়াৰ হুংকাৰ প্ৰদান কৰে। লগতে পৰ্বতঝোৰাত ভোট বৰ্জন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande