ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা আলোচনাত জয়শংকৰৰ শক্তি সুৰক্ষাৰ বিষয়টো উত্থাপন
নতুন দিল্লী, ১২ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে এতিয়ালৈকে ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ সৈতে তিনিখন আলোচনাত মিলিত হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে । ভাৰতীয় জাহাজৰ সুৰক্ষা আৰু দেশৰ শক্তি সুৰক্ষা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত
Jaishankar


নতুন দিল্লী, ১২ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে এতিয়ালৈকে ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ সৈতে তিনিখন আলোচনাত মিলিত হৈছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে । ভাৰতীয় জাহাজৰ সুৰক্ষা আৰু দেশৰ শক্তি সুৰক্ষা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয় ।

বৃহস্পতিবাৰে সাপ্তাহিক সংবাদমেলত এক প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, যোৱা কেইদিনমানত বৈদেশিক মন্ত্ৰী আৰু ইৰাণৰ বৈদেশিক মন্ত্ৰীৰ মাজত তিনিখন আলোচনা হৈছে । শেষৰ কথা-বতৰাত জাহাজৰ সুৰক্ষা আৰু ভাৰতৰ শক্তি সুৰক্ষাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰা হৈছিল । ইয়াৰ বাহিৰেও মোৰ বাবে অধিক মন্তব্য কৰাটো আগতীয়া হ'ব ।

উল্লেখযোগ্য যে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ ফলত তেল আৰু গেছৰ যোগানত ভয়াৱহ প্ৰভাৱ পৰিছে, যাৰ ফলত দেশত গেছৰ উপলব্ধতা হ্ৰাস পাইছে ।

বাংলাদেশলৈ পেট্ৰলিয়াম সামগ্ৰী যোগানৰ সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে, ভাৰত বিশেষকৈ আমাৰ চুবুৰীয়া দেশসমূহলৈ শোধিত পেট্ৰলিয়াম সামগ্ৰীৰ প্ৰধান ৰপ্তানিকাৰক। বাংলাদেশ চৰকাৰৰ পৰা ডিজেল যোগানৰ বাবে আমি অনুৰোধ লাভ কৰিছো, যিটো বিবেচনা কৰা হৈছে। বাংলাদেশৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত আমাৰ জনকেন্দ্ৰিক আৰু উন্নয়নমুখী দৃষ্টিভংগীৰ লগত খাপ খুৱাই আমি ২০০৭ চনৰ পৰা নুমলীগড় শোধনাগাৰৰ পৰা বিভিন্ন পদ্ধতিৰে ডিজেল যোগান ধৰি আহিছো: জলপথ, ৰেল, আৰু পিছলৈ ভাৰত-বাংলাদেশ বন্ধুত্ব পাইপলাইনৰ জৰিয়তে।

তেওঁ জনোৱা মতে, ২০১৭ চনৰ অক্টোবৰ মাহত নুমলীগড় শোধনাগাৰ আৰু বাংলাদেশ পেট্ৰলিয়াম নিগমৰ মাজত পাৰস্পৰিকভাৱে চুক্তিবদ্ধ চৰ্তত দ্ৰুতবেগী ডিজেল যোগানৰ বাবে বিক্ৰী-ক্ৰয় চুক্তি স্বাক্ষৰিত হৈছিল। ২০০৭ চনৰ পৰা বাংলাদেশলৈ ডিজেল ৰপ্তানি বহুলাংশে অব্যাহত আছে যদিও সিদ্ধান্ত লোৱাৰ সময়ত ভাৰতৰ শোধনাগাৰৰ ক্ষমতা, নিজৰ প্ৰয়োজনীয়তা, আৰু ডিজেলৰ উপলব্ধতাৰ প্ৰতি লক্ষ্য ৰখা হ’ব ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande