যোগীঘোপাত ৰন্ধন গেছৰ নাটনি ।
বঙাইগাঁও, ১২ মাৰ্চ (হি.স.)। যোগীঘোপাত ৰন্ধন গেছৰ নাটনি । ৰন্ধন গেছ পাবলৈ এতিয়া তাত বাটি কৰিবলগীয়া হৈছে গ্ৰাহকে । চৰকাৰে বান্ধি দিছে কিছু নীতি নিয়ম ।ইয়াৰ ফলস্বৰূপে সাধাৰণ গ্ৰাহকে হাৰাশাস্থিৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। মধ্য প্ৰাচ্যৰ যুদ্ধৰ দামা
যোগীঘোপাত ৰন্ধন গেছৰ নাটনি ।


বঙাইগাঁও, ১২ মাৰ্চ (হি.স.)। যোগীঘোপাত ৰন্ধন গেছৰ নাটনি । ৰন্ধন গেছ পাবলৈ এতিয়া তাত বাটি কৰিবলগীয়া হৈছে গ্ৰাহকে । চৰকাৰে বান্ধি দিছে কিছু নীতি নিয়ম ।ইয়াৰ ফলস্বৰূপে সাধাৰণ গ্ৰাহকে হাৰাশাস্থিৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। মধ্য প্ৰাচ্যৰ যুদ্ধৰ দামামাৰ ফলত হৰমুজ প্ৰণালী বন্ধৰ খবৰে হাহাকাৰ লগাইছে দেশত । ৰন্ধন গেছ চিলিণ্ডাৰৰ হঠাত মুল্য বৃদ্ধিয়ে ইতিমধ্যে যুদ্ধৰ কিছু প্ৰভাৱ পৰিছে এয়া যেন তাকেই সুচাইছে । প্ৰতিটো চিলিণ্ডাৰত ৬০ টকা দাম বৃদ্ধি কৰিছে চৰকাৰে । যোগীঘোপাৰ কচুদোলাস্থিত প্ৰগতি ইন্ধন গ্ৰামীণ বিতৰণ কেন্দ্ৰতো একেই পৰিৱেশ । কেন্দ্ৰটোত ইন্টাৰনেট ছাৰ্ভাৰ ডাউন থকাৰ বাবে ডি এ চি আৰু ই কে ৱাই চি আদি গ্ৰাহকে গেছ বুকিং কৰিব পৰা নাই । গেছ চিলিণ্ডাৰ পোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।ফলত গৃহিনীৰ ৰান্ধনী ঘৰত চৌকা নজ্বলাৰ উপক্ৰম হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande