মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ ফলত কাঠমাণ্ডুৰ এল পি জি চিলিণ্ডাৰ যোগানত প্ৰভাৱ
কাঠমাণ্ডু, ১২ মাৰ্চ (হি.স.)। মধ্যপ্ৰাচ্যত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাই নেপালত ৰন্ধন গেছৰ (এল পি জি) চিলিণ্ডাৰৰ যোগানত প্ৰভাৱ পেলাইছে। বহু গেছ বিক্ৰী ডিপো বন্ধ হৈ গৈছে, আনহাতে খোলা থকা সীমিত ডিপোবোৰত গ্ৰাহকৰ দীঘলীয়া শাৰী পাতিছে । আজি পুৱা কাঠমাণ্
एलपीजी गैस सिलिंडर के लिए कतार में खड़े उपभोक्ता


কাঠমাণ্ডু, ১২ মাৰ্চ (হি.স.)। মধ্যপ্ৰাচ্যত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাই নেপালত ৰন্ধন গেছৰ (এল পি জি) চিলিণ্ডাৰৰ যোগানত প্ৰভাৱ পেলাইছে। বহু গেছ বিক্ৰী ডিপো বন্ধ হৈ গৈছে, আনহাতে খোলা থকা সীমিত ডিপোবোৰত গ্ৰাহকৰ দীঘলীয়া শাৰী পাতিছে ।

আজি পুৱা কাঠমাণ্ডুৰ বালাজু ঔদ্যোগিক এলেকাত খালী চিলিণ্ডাৰৰ সৈতে শাৰী পাতি থিয় হয় গ্ৰাহক । কিছুমানে পুনৰ ভৰোৱা চিলিণ্ডাৰ লৈ উভতি আহিছিল যদিও গেছ লাভ কৰা লোকৰ সংখ্যা সীমিত হৈয়েই আছিল।

ভাৰতৰ জৰিয়তে নেপাললৈ গেছ আৰু তেল আমদানি কৰা হয়। পেট্ৰলিয়াম সামগ্ৰীৰ বিক্ৰী আৰু বিতৰণৰ তদাৰক কৰা নেপাল তেল নিগমে এই সমস্যা সমাধানৰ চেষ্টা চলাইছে যদিও পৰিস্থিতি এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই ।

আমেৰিকা, ইজৰাইল, ইৰাণৰ মাজত চলি থকা সংঘাতৰ বাবে উপসাগৰীয় দেশসমূহতো উত্তেজনা বৃদ্ধি পাইছে । ইৰাণ, সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই) আৰু ওমানক সংযোগ কৰা সাগৰীয় পথ হৰমুজ জলদ্বীপতো এই সংঘাতৰ প্ৰভাৱ পৰিছে আৰু এই পথৰ জৰিয়তে গেছ আৰু পেট্ৰলিয়াম সামগ্ৰীৰ পৰিবহণত ব্যাঘাত জন্মাইছে। ইয়াৰ প্ৰভাৱ বিশ্বজুৰি অনুভৱ কৰা হৈছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande