ইৰাণৰ যুদ্ধ বন্ধ কৰিবলৈ বিশ্বৰ বাবে তিনিটা চৰ্ত
তেহৰাণ/ৱাশ্বিংটন, ১২ মাৰ্চ (হি.স.)। আজি আমেৰিকা-ইজৰাইল-ইৰাণ যুদ্ধৰ ত্ৰয়োদশ দিন। ইৰাণৰ পৰা উৎপত্তি হোৱা এই সংঘাত পাৰস্য উপসাগৰীয় দেশসমূহলৈ বিয়পি পৰিছে। ইৰাণ আৰু ইজৰাইলৰ দ্রুত আক্রমণে পশ্চিম এছিয়াৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে৷ ইফালে ইৰাণৰ ৰ
a26307491ec778390372413eabca5b29_500745299.jpg


তেহৰাণ/ৱাশ্বিংটন, ১২ মাৰ্চ (হি.স.)। আজি আমেৰিকা-ইজৰাইল-ইৰাণ যুদ্ধৰ ত্ৰয়োদশ দিন। ইৰাণৰ পৰা উৎপত্তি হোৱা এই সংঘাত পাৰস্য উপসাগৰীয় দেশসমূহলৈ বিয়পি পৰিছে। ইৰাণ আৰু ইজৰাইলৰ দ্রুত আক্রমণে পশ্চিম এছিয়াৰ পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে৷ ইফালে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে বিশ্ববাসীয়ে যুদ্ধ বন্ধ কৰাৰ বাবে তিনিটা চৰ্ত বান্ধি দিছে।

আল জাজিৰা নিউজ চেনেলৰ এক প্ৰতিবেদন অনুসৰি ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানে এই তিনিটা চৰ্ত অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে । যদি ইৰাণে নিজৰ আইনী অধিকাৰ স্বীকৃতি দিয়াৰ আন্তঃৰাষ্ট্ৰীয় নিশ্চয়তা লাভ কৰে, যুদ্ধত হোৱা লোকচানৰ ক্ষতিপূৰণ লাভ কৰে, আৰু ভৱিষ্যতে কোনো আক্ৰমণ নহয়, তেন্তে ইৰাণে তৎক্ষণাত যুদ্ধ বন্ধ কৰিব। তেওঁ কয় যে ইৰাণ আলোচনাৰ মেজলৈ ঘূৰি অহাৰ অৰ্থ এইটো নহয় যে ইৰাণ দুৰ্বল ।

আনহাতে, এই যুদ্ধত বহু হেৰুৱাই পেলোৱা আমেৰিকা অদম্য হৈয়েই আছে । আমেৰিকাৰ সংবাদ মাধ্যমত সম্প্ৰচাৰিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বক্তব্যই এই সময়ত যুদ্ধৰ শিখা নিৰ্বাপিত হোৱাৰ ইংগিত দিয়া যেন নালাগে । কেন্টাকিত অনুষ্ঠিত এক সমাৱেশত ট্ৰাম্পে কয় যে ইৰাণৰ বিৰুদ্ধে যুদ্ধত আমেৰিকাই জয়লাভ কৰিছে যদিও মিছন সম্পূৰ্ণ নোহোৱালৈকে যুদ্ধ চলি থাকিব ।

ইফালে, আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনে সংসদত কয় যে ইৰাণ যুদ্ধৰ প্ৰথম ছয় দিনত আমেৰিকাই প্ৰায় ১১.৩ বিলিয়ন ডলাৰ (প্ৰায় ১ লাখ কোটি টকা) ব্যয় কৰিছিল। ইয়াৰে প্ৰায় ৫ বিলিয়ন ডলাৰ (প্ৰায় ৪৫ হাজাৰ কোটি টকা) অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বাবে ব্যয় কৰা হৈছিল ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande