
নগাঁও, ১২ মাৰ্চ (হি.স.): নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চামগুৰিৰ শালনাত যোৱা কালি বুধবাৰে নিশা ৰহস্যজনক ভাবে উদ্ধাৰ কৰা হৈছে প্ৰায় আঠাইছ লক্ষ্য টকা । চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনাৰ বৰজুৰীত এখন ৰখাই থোৱা স্কুটিৰ পৰা উদ্ধাৰ কৰা হয় টকা খিনি।
জানিব পৰা মতে শালনা আৰু বৰজুৰী সংযোগী পথত ৰখাই থোৱা এএছ ০২ আৰু ৮৬৪১ নম্বৰৰ ক'লা ৰঙৰ স্কুটি খনৰ পৰা উদ্ধাৰ কৰা হয় টকা খিনি।প্ৰথমে স্থানীয় লোকে স্কুটি খন দেখা পায় খবৰ দিয়ে আৰক্ষীক। ঘটনা স্থলীত চামগুৰি আৰু শালনা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে টকা খিনি। টকা খিনি স্কুটি খনৰ বাহিৰে ভিতৰে ৰাখি পথৰ নিজান ঠাইত কিয় ৰখাই থোৱা হৈছিল আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব যদিও, আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই। কালি নিশাই আৰক্ষীয়ে টকা খিনি গণনা কৰি ২৭ লাখ ১৭ হাজাৰ ৮ শ আশী টকা আৰক্ষীৰ জিম্মাত লয়। আৰক্ষীৰ তদন্তৰ অন্তত পোহৰলৈ আহিব টকা খিনি প্ৰকৃততে কাৰ বা টকা খিনিৰ অন্তৰালত কি আছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ