গোলাঘাটত চুতীয়া ৰজা ৰত্নধ্বজ পালৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন
গোলাঘাট, ১২ মাৰ্চ (হি.স.)। গোলাঘাটৰ আঠখেলীয়া সাধনী ভৱনৰ চৌহদত গোলাঘাট জিলাত প্ৰথমটো আৰু ৰাজ্যৰ ভিতৰতে দ্বিতীয়টো চুতীয়া ৰজা ৰত্নধ্বজ পালৰ সুউচ্চ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়৷ চুতীয়া উন্নয়ন পৰিষদৰ ২০২২-২৩ বৰ্ষৰ পুঁজিৰ দ্বাৰা ৪০ লক্ষাধিক টকা ধন
গোলাঘাটত চুতীয়া ৰজা ৰত্নধ্বজ পালৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন


গোলাঘাট, ১২ মাৰ্চ (হি.স.)। গোলাঘাটৰ আঠখেলীয়া সাধনী ভৱনৰ চৌহদত গোলাঘাট জিলাত প্ৰথমটো আৰু ৰাজ্যৰ ভিতৰতে দ্বিতীয়টো চুতীয়া ৰজা ৰত্নধ্বজ পালৰ সুউচ্চ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়৷ চুতীয়া উন্নয়ন পৰিষদৰ ২০২২-২৩ বৰ্ষৰ পুঁজিৰ দ্বাৰা ৪০ লক্ষাধিক টকা ধন ব্যয় কৰি নিৰ্মাণ কৰা ২০ ফুট উচ্চতা প্ৰতিমূৰ্তিতো উন্মোচন কৰে গোলাঘাট বিধানসভা সমষ্টিৰ বিধায়িকা তথা বিত্তমন্ত্ৰী অজন্তা নেওগে৷

অনুষ্ঠানত চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কমল বৰুৱা, উপাধ্যক্ষ জ্যোতি প্ৰসাদ চুতীয়া, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা,গোলাঘাট জিলাৰ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি পাপু চুতীয়া লগতে চুতীয়া জনগোষ্ঠীটোৰ ভালেসংখ্যক লোক উপস্থিত থাকে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande