
গোৱালপাৰা, ১২ মাৰ্চ (হি.স.)। গোৱালপাৰা জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ উদ্যোগত জিলাখনৰ ৰাক্ষসিনীত আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচঁনিৰ জৰিয়তে মহিলা আত্ম সহায়ক গোটৰ সদস্যা সকলৰ মাজত চেক বিতৰণ কৰা হয় । অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ লগতে জলসিঞ্চন তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী আশোক সিংহলে অনুষ্ঠানটোত উপস্থিত থাকি চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।
অনুষ্ঠানটোৰ জৰিয়তে মহিলা আত্ম সহায়ক গোটৰ প্রতি গৰাকী সদস্যাক ১০ হাজাৰ টকাৰ পুঁজি চেক যোগে বিতৰণ কৰা হয় । গোৱালপাৰা পূৱ বিধানসভা সমষ্টিৰ মহিলা আত্ম সহায়ক গোট, গ্রাম্য সংগঠন আৰু মণ্ডল পৰ্য্যায় সংগঠনক এই আঁচনিৰ জৰিয়তে উপকৃত হয় । এই আঁচনিৰ অধীনত আজি ২৩ হাজাৰ ৯ শ ৯২ গৰাকী আত্ম সহায়ক গোটৰ সদস্যাই ১০ হাজাৰকৈ টকাৰ পুঁজি লাভ কৰে । ইফালে একেটা অনুষ্ঠানতে মন্ত্ৰী গৰাকীয়ে ভাৰ্চুৱেলী ভাৱে দুধনৈ এফ আৰ ইউ চিকিৎসালয়ত বিনামূলীয়া ডাইলছিচ সেৱা কেন্দ্ৰ, কুছধোৱাত ৩০ খন বিচনা যুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন আৰু ৫ খন আদৰ্শ অংগবাড়ী কেন্দ্ৰৰ নৱ নিৰ্মিত গৃহৰ শুভ উদ্বোধন কৰে ।
চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মন্ত্ৰী সিংহলে কয় যে অসম চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান হৈছে এটা ঐতিহাসিক পদক্ষেপ, যাৰ লক্ষ্য ৰাজ্যখনৰ লাখ লাখ মহিলা আত্মসহায়ক গোটৰ সদস্যাক উদ্যমিতা আৰু আত্মনিৰ্ভৰশীলতাৰ পথত আগবঢ়োৱা । এই আঁচনিৰ অধীনত প্ৰতিগৰাকী উপযুক্ত মহিলাক ১০ হাজাৰ টকাৰ পুঁজি প্ৰদান কৰা হৈ আছে । এনে পদক্ষেপে কৃষি, পশুপালন, হস্ততাঁত, হস্তশিল্প আদি ক্ষেত্ৰত মহিলা উদ্যোগৰ বিকাশৰ লগতে গাঁওকেন্দ্রিক জীৱিকা আৰু বিকল্প উপাৰ্জনৰ সম্ভাৱনাক উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে ।
অনুষ্ঠানটোত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, জিলা আয়ুক্ত প্ৰদীপ টিমুং, গোৱালপাৰা পৌৰসভাৰ সভাপতি মহানন্দ পাঠক, জিলাৰ পৰিষদৰ সভাপতি মহন্ত ৰাভাৰ লগতে আন কেইবা গৰাকী বিশিষ্ট লোক উপস্থিত থাকে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা