
হোজাই, ১২ মাৰ্চ (হি.স.): হোজাইবাসীৰ বাবে এটা সুখবৰ। যোৱা কালি বুধবাৰে সন্ধিয়া হোজাই ৰে’ল ষ্টেচনত দুখনকৈ গুৰুত্বপূৰ্ণ ৰে’লৰ নতুন ষ্টপেজৰ শুভাৰম্ভ কৰা হয়। ‘বিকশিত অসম, বিকশিত ভাৰত’ লক্ষ্যৰে ভাৰতীয় ৰে’লৱেই গ্ৰহণ কৰা এই পদক্ষেপে স্থানীয় যাত্ৰীসকলৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব।
এই পদক্ষেপৰ বাবে যোৱা কালি হোজাই ৰে’ল ষ্টেচনত এক উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। কেন্দ্ৰীয় চৰকাৰ আৰু ৰে’ল মন্ত্ৰালয়ৰ বিশেষ উদ্যোগত হোজাই ষ্টেচনত এতিয়াৰে পৰা দুখনকৈ অতি গুৰুত্বপূৰ্ণ ট্ৰেইন ৰখাটো নিশ্চিত কৰা হৈছে। যি দুখন ট্ৰেইনৰ ষ্টপেজ দিয়া হৈছে ১২৫০৭ / ১২৫০৮ আগৰতলা - কলকাতা - আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ।২২৫০১ / ২২৫০২ নিউ তিনিচুকীয়া - এছ.এম.ভি.টি বেংগালুৰু - নিউ তিনিচুকীয়া চুপাৰফাষ্ট এক্সপ্ৰেছ । এই উপলক্ষে হোজাই ষ্টেচনত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। য’ত স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ হোজাই পৌৰসভাৰ সভানেত্ৰী চতুৰ্থী ৰাণী বিশ্বাস লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। স্থানীয় ৰাইজে এই পদক্ষেপক আদৰণি জনাইছে, কাৰণ ইয়াৰ ফলত এতিয়াৰে পৰা হোজাইৰ পৰা কলকাতা আৰু দক্ষিণ ভাৰতলৈ যাত্ৰা কৰাটো বহু পৰিমাণে সহজ হৈ পৰিব। অসমৰ যাতায়াত ব্যৱস্থা অধিক সুদৃঢ় কৰাৰ দিশত এয়া এক যোগাত্মক খোজ। হোজাইৰ পৰা ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে এই নতুন ৰে’ল ষ্টপেজে এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ