ধলপুখুৰী লংকা ৰেল লেভেল ক্ৰছিঙৰ উৰণ সেতুৰ শুভ উদ্বোধন
হোজাই, ১২মাৰ্চ (হি.স.)। আঠ বছৰৰ প্ৰতিক্ষাৰ অন্তত আজি নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ ধলপুখুৰী লংকা ৰেল লেভেল ক্ৰছিঙৰ উৰণ সেতু আজি উদ্বোধন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই। মন কৰিব লগা উৰণ সেতু খনৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া গতিত কৰাৰ বাবে বিগত আঠ বছৰ ধৰি ৰাই
ধলপুখুৰী লংকা ৰেল লেভেল ক্ৰছিঙৰ উৰণ সেতুৰ শুভ উদ্বোধন


হোজাই, ১২মাৰ্চ (হি.স.)। আঠ বছৰৰ প্ৰতিক্ষাৰ অন্তত আজি নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ ধলপুখুৰী লংকা ৰেল লেভেল ক্ৰছিঙৰ উৰণ সেতু আজি উদ্বোধন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই। মন কৰিব লগা উৰণ সেতু খনৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া গতিত কৰাৰ বাবে বিগত আঠ বছৰ ধৰি ৰাইজে চৰম যন্ত্ৰনা ভুগি আছিল।

অৱশেষত ৰাইজৰ প্ৰৱল দাবীত আজি আনুষ্ঠানিক ভাৱে উৰণ সেতু খনৰ উদ্বোধন কৰা হয়। উল্লেখযোগ্য যে উৰণ সেতু উদ্বোধন কৰা হ'ল যদিও ৰাইজে যাতায়ত কৰিবলৈ আৰু প্ৰায় ২০ পৰা ৩০ দিন অপেক্ষা কৰিব লাগিব। উৰন সেতু খন উদ্বোধন কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই ৰাইজক উদ্দেশ্য়ে ভাষণ প্ৰসংগত বিগত সময়চোৱাত চৰকাৰৰ উন্নয়নমূলক কামৰ খটিয়ান ডাঙি দৰে আৰু আগন্তুক সময়তো দেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনাই।উৰন সেতু মুকলি অনুষ্ঠানত কাজিৰঙা লোকসভাৰ সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, লামডিং সমষ্টিৰ বিধায়ক শিৱু মিশ্ৰ উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande