
বাক্সা, ১২ মাৰ্চ (হি.স.)। বাক্সাৰ সাদেৰী পামেলি চুবাত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা। কালি নিশা সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনাটো। সাদেৰী পামেলিচুবাৰ অচ্যুৎ দাসৰ ঘৰত সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনাটো। জানিব পৰা অনুসৰি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো। ঘৰৰ গৃহস্থ আৰু স্থানীয় ৰাইজে অগ্নিকাণ্ডৰ বিষয়ে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক অবগত কৰে। অগ্নিকাণ্ডৰ ফলত ধান, কাঠ, হোণ্ডা মেচিনকে ধৰি প্ৰায় ৪ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।
অৱশেষত স্থানীয় ৰাইজৰ সহযোগত আৰু জালাহ অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ