
কামৰূপ, ১২ মাৰ্চ (হি.স.)। মুকালমুৱাত যোৱা ১০ মাৰ্চ মঙলবাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। মুকালমুৱা সাপ্তাহিক বজাৰত সোপাধৰাৰ সন্দেহত হাজোৰ হাৱলাখাৰ কিছু পৰিমাণে মানসিকভাৱে অসুস্থ চুবুৰি বেগম (৪০)নামৰ মহিলা গৰাকীক খুঁটাত বান্ধি একাংশ উন্মত্ত লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। ফলত মহিলা গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।
উক্ত ঘটনাত জড়িত ৭ গৰাকী লোকক ইতিমধ্যে মুকালমুৱা আৰক্ষীয়ে আটক কৰিছে। ঘটনাৰ সৈতে জড়িত আন কেইবাজনো লোক বৰ্তমানো আটক কৰিব পৰা নাই। এই অমানৱীয় ঘটনাটোৰ ভূক্তভোগী মহিলা গৰাকীৰ ঘৰ হাজোৰ হাৱলাখাত । মহিলা গৰাকী কিছু পৰিমাণে মানসিকভাৱে অসুস্থ যদিও বজাৰে বজাৰে গৈ খুজি-মাগি কোনোমতে নিজৰ ১৪ বছৰীয়া পুত্ৰৰ লগত জীৱন নিৰ্বাহ কৰি আছিল।
মঙলবাৰৰ নৃশংস ঘটনাটোৰ ফলত শৰীৰত কেইবা ঠাইত গুৰুতৰ আঘাত পায় আৰু দাতৰ দুয়ো পাৰি আগৰ দাত সৰি যায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মহিলা গৰাকীক বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছিল। টকাৰ অভাৱত মহিলা গৰাকী এতিয়া ঘৰত মাটিৰ বিচনাত জীৱন-মৰণৰে যুজঁ দি আছে। ওচৰ-চুবুৰীয়া আৰু আত্মীয়ই কিছু পৰিমাণে টকা যোগাৰ কৰি মহিলা গৰাকীক চিকিৎসা কৰি আছিল যদিও ধনৰ অভাৱত মহিলা গৰাকীক উন্নত চিকিৎসা পৰা বঞ্চিত হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা