গোলাঘাটত কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিৰ আৰ্থিক সাহায্য়ৰ বাবে আবেদন
গোলাঘাট, ১২ মাৰ্চ (হি.স.)গোলাঘাটত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণিছে গোলাঘাট জিলাৰ ৰঙাগঢ়া ৰ এই জন ব্যক্তিয়ে। নাম নাৰায়ণ কৰ্মকাৰ। আজি ৬ মাহৰ পৰা ভুগি আছে এক জটিল ৰোগত। চিকিৎসা কৰিবলৈ হাতত নাই এটকাও পইছা ।দিন হাজিৰা কৰি পত্নীয়ে কেতিয়াবা এসাঁজ
গোলাঘাটত কৰ্কট ৰোগত আক্ৰান্ত ব্যক্তিৰ আৰ্থিক সাহায্য়ৰ বাবে আবেদন


গোলাঘাট, ১২ মাৰ্চ (হি.স.)গোলাঘাটত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ ক্ষণ গণিছে গোলাঘাট জিলাৰ ৰঙাগঢ়া ৰ এই জন ব্যক্তিয়ে। নাম নাৰায়ণ কৰ্মকাৰ। আজি ৬ মাহৰ পৰা ভুগি আছে এক জটিল ৰোগত। চিকিৎসা কৰিবলৈ হাতত নাই এটকাও পইছা ।দিন হাজিৰা কৰি পত্নীয়ে কেতিয়াবা এসাঁজ খাই কেতিয়াবা নোখোৱাকৈ থাকিব লাগে। নাই কোনো মাটি বাৰি বিক্ৰী কৰি চিকিৎসা কৰিব।

যোৰহাট কেঞ্চাৰ হাস্পতালত দেখুৱাইছিল যদিও গুৱাহাটী বি বৰুৱাত দেখুৱাবলৈ কৈছিল যদিও টকাৰ অভাবত গুৱাহাটীলৈও যাব পৰা নাই। সেয়ে সংবাদ মাধ্যমৰ জৰিয়তে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মা আৰু অসম বাসী ৰাইজলৈ অনুৰোধ যাতে গুৱাহাটীত গৈ চিকিৎসা কৰিব পাৰে তাৰ বাবে কিছু পৰিমাণে আৰ্থিক সহায় আগবঢ়াই। কোনো লোকে সহায় আগবঢ়াব বিছাৰিলে নাৰায়ণ কৰ্মকাৰ ,একাউন্ট নম্বৰ 0792200100004148 IFSC PUNB 0079220 অথবা যোগাযোগ নম্বৰ 7002967651 ত যোগাযোগ কৰিব পাৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande