মিচিং জনগোষ্ঠীয়ে লাভ কৰিলে আলিঃ আই লৃগাঙৰ চৰকাৰী বন্ধ
মিচিং জনগোষ্ঠীয়ে লাভ কৰিলে আলিঃ আই লৃগাংৰ চৰকাৰী বন্ধ।
মিচিং জনগোষ্ঠীয়ে লাভ কৰিলে আলিঃ আই লৃগাঙৰ চৰকাৰী বন্ধ


মাজুলী, ১২ মাৰ্চ (হি.স.): মিচিং জনগোষ্ঠীয়ে লাভ কৰিলে আলিঃ আই লৃগাং উৎসৱৰ চৰকাৰী বন্ধ। কেবিনেটত আলিঃ আয়েঃ লৃগাংক চৰকাৰী বন্ধ ঘোষণা কৰাৰ পিছতেই কালি সন্ধিয়া নয়াবজাৰত সৃষ্টি হয় আবতৰীয়া দীপাৱলী। টি.এম.পি.কে, এম.এম.কে আৰু টি.এম.এম. কে ৰতনপুৰ মিৰি আঞ্চলিক সমিতিৰ আনন্দ উল্লাস প্ৰকাশ কৰে। ফটকা আতজবাজী শব্দত কপিল মাজুলীৰ নয়াবজাৰ।

মাজুলীতো আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আলিঃ আয়েঃ লৃগাং চৰকাৰী বন্ধ ঘোষণা কৰাৰ পিছত।কেবিনেটৰ সিদ্ধান্ত মৰ্মে ঘোষণা কৰে আঃলিঃ আয়েঃ লৃগাংক চৰকাৰী বন্ধ।আলিঃ আয়েঃ লৃগাংক চৰকাৰী বন্ধ ঘোষনা কৰাত উৎফুল্লিত মিচিং জনগোষ্ঠীৰ লোক সকল। কিয়নো পূৰ্বে কেৱল ১০ খন জিলাত হে আলিঃ আয়েঃ লৃগাংক লোকেল হলি দে হিচাপে বন্ধ দিছিল। কিন্তু মঙ্গলবাৰে ডঃ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে চৰকাৰী বন্ধ ঘোষণা কৰে আলিঃ আয়েঃ লৃগাঙক।

দীৰ্ঘ সময় ধৰি মিচিং লোক সকলে আলিঃ আয়েঃ লৃগাঙক চৰকৰী বন্ধ ঘোষণা দাবী জনাই আহিছিল। আৰু মিচিং লোক সকলৰ আবেগ অনুভুতিক সহানুভুতি জনাই বন্ধ ঘোষণা কৰে। মিচিং সকল হৈছে অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী। আলিঃ আয়েঃ লৃগাং হৈছে মিচিং ভূমি পুত্ৰ সকলৰ কৃষি ভিত্তিক উৎসৱ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande