বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰাক কেন্দ্ৰ কৰি বিজেপি দলক কঠোৰ সমালোচনা ইউপিপিএলৰ
চিৰাং, ১২ মাৰ্চ (হি.স.)। ৰাজনীতিৰ ক্ষেত্ৰখনত কোনো স্থায়ী বন্ধুত্ব নাই । আজি যদি কোনোবা মিত্ৰ হৈ আছে কাইলৈ হয়তো শত্ৰু হৈ যাব পাৰে। বৰ্তমান সময়ত এই কথাষাৰ যেন প্ৰজোয্য হৈছে বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতাৰ ক্ষেত্ৰত । ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চ
বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰাক কেন্দ্ৰ কৰি বিজেপি দলক কঠোৰ সমালোচনা ইউপিপিএলৰ


চিৰাং, ১২ মাৰ্চ (হি.স.)। ৰাজনীতিৰ ক্ষেত্ৰখনত কোনো স্থায়ী বন্ধুত্ব নাই । আজি যদি কোনোবা মিত্ৰ হৈ আছে কাইলৈ হয়তো শত্ৰু হৈ যাব পাৰে।

বৰ্তমান সময়ত এই কথাষাৰ যেন প্ৰজোয্য হৈছে বিজেপি আৰু ইউপিপিএলৰ মিত্ৰতাৰ ক্ষেত্ৰত । ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইউপিপিএল আৰু বিজেপিৰ দলৰ মাজত তিক্ততাৰ লগতে দুৰত্ব বৃদ্ধ হোৱা পৰিলক্ষিত হবলৈ ধৰিছে ।

আজি চিৰাং জিলাৰ কাজলগাঁও স্থিত ইউপিপিএল কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি দলৰ কেন্দ্ৰীয় উপসভাপতি ড: আৰ এন সিং আৰু ডঃ ৰঞ্জিত কুমাৰ নাৰ্জাৰীয়ে বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বিজেপিয়ে সকলোতে হিন্দু মুছলিমৰ ৰাজনীতি কৰি আছে ।

বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰাক লৈ বিজেপি দলক কঠোৰ সমালোচনা ।

দীনদয়াল উপাধ্যায়ৰ নামত অসমৰ বিভিন্ন ঠাইত শিক্ষানুষ্ঠান স্থাপন কৰিছে । দীনদয়াল উপাধ্যায় অসমৰ সন্তানে নহয় , অথচ ফকৰুদ্দিন আলী আহমেদ আমাৰ অসমৰ মানুহ, তেখেত অসমৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম ব্যক্তি আছিল । অসমৰ সৰ্বকালৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে ন্যায় নেপায় । এছআইটি ৰ চাৰ্জছীট ৰ ওপৰত আস্থা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ চি বি আই তদন্তৰ দাবী কৰে ইউপিপিএল দলৰ নেতা গৰাকীয়ে। চাৰ্জচীটত কি লিখিছে আমি নাজানো, চাৰ্জচীট ইমান দুৰ্বল হৈ গল মানুহৰ সন্দেহ জাগিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande