
কাঠমাণ্ডু, ১২ মাৰ্চ (হি.স.)। নেপালৰ প্রাক্তন প্রধানমন্ত্রী ড০ বাবুৰাম ভট্টৰাইয়ে ভাৰত আৰু চীনৰ মাজত সেতু হিচাপে কাম কৰিবলৈ নেপালৰ প্রস্তুতি প্রকাশ কৰিছে ৷ নেপালত উদীয়মান জেন-জি আৰু যুৱ নেতৃত্বৰ প্ৰতি গৌৰৱ প্ৰকাশ কৰি ভট্টৰাইয়ে কয় যে নেপালী যুৱক-যুৱতীসকলে দেশক সমৃদ্ধিৰ দিশত আগুৱাই নিবলৈ সম্পূৰ্ণ সক্ষম ।
নতুন দিল্লীৰ ভাৰত মাণ্ডপামত চলি থকা এনএক্সটি কনক্লেভৰ সময়ত প্ৰধানমন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজ অধিৱেশনত নেপালৰ ভূ-ৰাজনৈতিক পৰিস্থিতি আৰু যুৱ নেতৃত্বৰ সন্দৰ্ভত ড০ ভট্টৰাইয়ে নিজৰ মতামত প্ৰকাশ কৰে। তেওঁ কয় যে নেপালক আৰু দুখন মহাশক্তিৰ মাজত হেঁচাত পৰি থকা দেশ হিচাপে চাব নালাগে । তেওঁ যুক্তি দিছিল যে নেপালে দুখন উদীয়মান বৃহৎ শক্তিৰ মাজত গতিশীল সেতুৰ ভূমিকা পালন কৰিব লাগে ।
পৰিৱৰ্তিত বিশ্ব ৰাজনৈতিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ কয় যে সৰু সৰু দেশসমূহে নিজৰ কৌশলৰ লগত খাপ খুৱাই লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে । প্ৰযুক্তিৰ বিকাশৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ ফলত বসুধৈৱ কুটুম্বকমৰ ধাৰণাটো কাৰ্যকৰী কৰাটো সহজ হৈ পৰিছে, অৰ্থাৎ সমগ্ৰ বিশ্বই এক পৰিয়াল। ভাৰতৰ দ্রুত অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ পৰা নেপাল যথেষ্ট লাভৱান হ’ব পাৰিব লাগে বুলিও তেওঁ কয় ৷
তেওঁৰ মতে দক্ষিণ এছিয়াত দৰিদ্ৰতা আৰু অস্থিৰতাৰ মূল কাৰণ সম্পদৰ অভাৱ নহয়, বৰঞ্চ দুৰ্বল প্ৰতিষ্ঠানিক গাঁথনি আৰু শাসন ব্যৱস্থাৰ বিফলতাহে। তেওঁৰ ভাষণত ভট্টৰাইয়ে গুৰুত্ব আৰোপ কৰে যে দক্ষিণ এছিয়াৰ দেশসমূহে উন্নয়নৰ বাবে নিজৰ মাজত অধিক ঘনিষ্ঠ সহযোগিতা বৃদ্ধি কৰিব লাগে আৰু বিশ্ব অংশীদাৰিত্বৰ সুযোগৰ সুবিধা ল’ব লাগে। তেওঁ কয় যে পৰিৱৰ্তিত বিশ্বৰ পৰিৱেশত নেপালৰ দৰে দেশসমূহে পৰিস্থিতিৰ লগত কৌশলগতভাৱে খাপ খুৱাই লোৱাটো বুদ্ধিমানৰ কাম হ’ব । এই অধিবেশনত ড° ভট্টৰাইৰ সৈতে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী স্কট কে মৰিছন আৰু ছুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ফ্ৰেড্ৰিক ৰেইনফেল্ডে উপস্থিত থাকে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া