
নতুন দিল্লী, ১২ মাৰ্চ (হি.স.)। পশ্চিম বংগ আৰু কেৰালাৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসগৃহত ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব ।
দলীয় সূত্ৰই জনোৱা মতে, এই বৈঠকত পশ্চিমবংগ আৰু কেৰালা বিধানসভা নিৰ্বাচনৰ সম্ভাৱ্য প্ৰাৰ্থীৰ নাম আলোচনা কৰা হ’ব । এই বৈঠকত প্ৰধানমন্ত্ৰী মোডী, বিজেপিৰ সভাপতি নীতিন নবীন, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা, আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে সমিতিৰ সদস্য হিচাপে অংশগ্ৰহণ কৰিব । এই বৈঠকত নিৰ্বাচনী কৌশল আৰু প্ৰাৰ্থী বাছনি সন্দৰ্ভত চূড়ান্ত আলোচনা হ’ব বুলি আশা কৰা হৈছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া