
বৰপেটা, ১২ মাৰ্চ (হি.স.)। বৰপেটা চহৰবাসীৰ খোৱাপানী সমস্যাৰ সমাধানৰ বাবে ৰাজ্য চৰকাৰে বৃহৎ প্ৰকল্প ৰূপায়ণৰ পদক্ষেপ লৈছে । বৰপেটা চহৰত আজি ১১৭ কোটি টকা ব্যয় সাপেক্ষ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। বৰপেটা পৌৰসভাৰ খেলপথাৰত আজি জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই প্ৰকল্পৰ আধৰশিলা স্থাপন কৰে ।
এই প্ৰকল্পৰ জৰিয়তে বৰপেটা চহৰৰ ৫০ হাজাৰ নাগৰিকক ঘৰতে নলযোগে বিশুদ্ধ খোৱাপানী যোগান ধৰা হ’ব । এই প্ৰকল্পৰ জৰিয়তে প্ৰতিটো পৰিয়ালতে ২৪ ঘন্টাই ঘৰতে বিশুদ্ধ খোৱাপানী উপলব্ধ হ’ব । প্ৰকল্পটো ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা প্ৰকাশ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা