মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক
তামুলপুৰ, ১২ মাৰ্চ (হি.স.)। মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক। মেঘালয়ৰ তুৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত আৱদ্ধ হৈ পৰিছে তামুলপুৰ জিলাৰ নাৰায়ণপুৰ গাঁওৰ প্ৰায় ১১ গৰাকী শ্ৰমিক। ভয়,শংকা আতংকৰ মাজত দিন কটাব লগা হৈছে শ্ৰমিক কেইজন। নিৰাপত্তাহীনতাত ভুগি পৰিয়ালক ফ
মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক


তামুলপুৰ, ১২ মাৰ্চ (হি.স.)। মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক। মেঘালয়ৰ তুৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত আৱদ্ধ হৈ পৰিছে তামুলপুৰ জিলাৰ নাৰায়ণপুৰ গাঁওৰ প্ৰায় ১১ গৰাকী শ্ৰমিক। ভয়,শংকা আতংকৰ মাজত দিন কটাব লগা হৈছে শ্ৰমিক কেইজন। নিৰাপত্তাহীনতাত ভুগি পৰিয়ালক ফোন অসহায় শ্ৰমিক সকলৰ।

ঘটনাৰ শিহৰণ বৰ্ণনা শুনি অধিক চিন্তিত শ্ৰমিক পৰিয়ালৰ লোক সকল। শ্ৰমিক কেইজনৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। যিকোনো প্ৰকাৰে অসমৰ শ্ৰমিক কেইজনক সুকলমে নিজ ঘৰলৈ অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ লগতে তামুলপুৰ আৰক্ষী প্ৰশাসনকো জনাইছে কাতৰ আহ্বান।

নিজ সন্তান,স্বামীক সুৰক্ষিত ভাৱে ঘৰলৈ অনাৰ বাবে ইতিমধ্যে স্থানীয় প্ৰশাসনৰ সৈতেও কৰিছে যোগাযোগ। চিন্তিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী।

আৱদ্ধ হৈ পৰা শ্ৰমিক সকলৰ নাম ৰঞ্জিত তালুকদাৰ,উদয় দাস,হৰকুমাৰ দাস,আকাশ দাস,সুকুমাৰ দাস,অনিল দাস,শহাদেৱ দাস,প্ৰাণজিত দাস,মদন বিশ্বাস,অমৰ বিশ্বাস,ৰূপম বিশ্বাস।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande