
কাছাৰ, ১২মাৰ্চ (হি.স.)। ড্ৰাগছৰ বিৰুদ্ধে কাছাড়ত আৰক্ষীয়ে অভিযান চলাই গুমৰা চকীৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰিব সক্ষম হয়। আৰক্ষী জানিব দিয়া অনুসৰি, নিচাজাতীয় টেবলেট বিক্ৰী কৰিবলৈ অহা দুজন ব্যক্তিয়ে গুমৰা বজাৰত ঘুৰাফিৰা কৰি আছিল।
গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে খবৰ পোৱাৰ পিছত গুমৰা বজাৰত অভিযান চলাই এজন ব্যক্তিৰ বেগৰ পৰা পাচটা টেবলেটৰ পেকেট জব্দ কৰিব সক্ষম হয়। বেগটোৰ পৰা মুঠ ১৯,৮০০টা য়াবা টেবলেট জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা টেবলেট খিনিৰ ওজন ২.১০৭ কিলোগ্ৰাম। টেবলেট বিক্ৰী কৰিবলৈ অহা কালাইন উজানগ্ৰামৰ কামুল হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আনহাতে,আৰক্ষীৰ দলটোক দেখি এজন সৰবৰাহকাৰী সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। পলায়ন কৰা ব্যক্তি জনক গুমৰাৰ ৰাজু হুছেইন বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা