নুমলীগড়ৰ পংকা বৰচাপৰিত যুৱকৰ মৃতদেহ উদ্ধাৰ
গোলাঘাট, ১১ মাৰ্চ (হি.স.)। নুমলীগড়ৰ পংকা বৰচাপৰিত চাঞ্চল্যকৰ ঘটনা । অঞ্চলটোত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। জানিব পৰা অনুসৰি এজন ব্যক্তিৰ ঘৰৰ চোতালত পৰি আছে অভিমান্য মূঢ়া নামৰ যুৱকৰ মৃতদেহ। মৃত যুৱকজনৰ ঘৰ সমীপৰে বৰগৰীয়াত । যুৱকজনক হত্যা কৰি
নুমলীগড়ৰ পংকা বৰচাপৰিত যুৱকৰ মৃতদেহ উদ্ধাৰ


গোলাঘাট, ১১ মাৰ্চ (হি.স.)। নুমলীগড়ৰ পংকা বৰচাপৰিত চাঞ্চল্যকৰ ঘটনা । অঞ্চলটোত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। জানিব পৰা অনুসৰি এজন ব্যক্তিৰ ঘৰৰ চোতালত পৰি আছে অভিমান্য মূঢ়া নামৰ যুৱকৰ মৃতদেহ। মৃত যুৱকজনৰ ঘৰ সমীপৰে বৰগৰীয়াত । যুৱকজনক হত্যা কৰি এনেদৰে পেলাই থোৱাৰ সন্দেহ পৰিয়ালৰ। এই ঘটনাৰ খবৰ আৰক্ষীক জনায় স্থানীয় লোকে।

খবৰ লাভ কৰিয়েই আৰক্ষীৰ লোক উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে যুৱকজনৰ মৃত্যু স্বাভাৱিক নে ই এক হত্যাকাণ্ড এই সকলো কথা উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে পুংখানুপুংখ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande